বল আৰু গতি বিষয়ক সূত্ৰসমূহ
বলঃ কোনো স্থিতিশীল বস্তুৰ গতি কৰাবলৈ বা গতিশীল বস্তুৰ গতি সলনি কৰিবলৈ কৰা প্ৰচেষ্টাক বল বোলে। বলে বস্তুৰ দিশ, বেগ, আকৃতি সলনি কৰিব পাৰে।
মুঠ বলঃ যদি কোনো বস্তুৰ ওপৰত কেইবাটাও বলে ক্ৰিয়া কৰে, তেন্তে একে দিশত থকা বল সমূহৰ মানৰ সমষ্টিয়েই হ'ব মুঠ বল। আৰু বিপৰীতমুখী বলৰ বিয়োগফলেই মুঠ বল। যাৰ মান বেছি হ'ব তাৰ বলৰ দিশত বস্তুটো গতি কৰিব।
সন্তুলিত বলঃ যদি দুটা বিপৰীতমুখী বলৰ মান সমান হয়, তেন্তে বল দুটাক সন্তুলিত বল বোলে। [মুঠ বল শূন্য]
অসন্তুলিত বলঃ যদি দুটা বিপৰীতমুখী বলৰ মান বেলেগ বেলেগ হয়, তেন্তে বল দুটাক অসন্তুলিত বল বোলে।
ঘৰ্ষণঃ যিকোনো বস্তুৰ গতিক বাধা দিয়া বলকে ঘৰ্ষণ বল বোলে। ঘৰ্ষণ বল সংস্পৰ্শত থকা দুখন পৃষ্ঠৰ মাজত সৃষ্টি হয়।
নিউটনৰ গতিবিষয়ক প্ৰথম সূত্ৰ
কোনো অসন্তুলিত বলে ক্ৰিয়া নকৰা পৰ্যন্ত স্থিতিশীল বস্তু এটি স্থিতিশীল অৱস্থাত আৰু গতিশীল বস্তু এটা সুষম বেগেৰে গতি কৰি থাকিব। ইয়াক জড়তাৰ সূত্ৰ বুলিও কোৱা হয়।
প্ৰশ্নাৱলীঃ1 Page- 118
1.
উত্তৰঃ বস্তুৰ ভৰ বেছি হ'লে জড়তাৰ মানো বেছি হয়।
ক) ৰবৰৰ বলটোতকৈ শিলৰ বলটোৰ জড়তা বেছি।
খ) এখন চাইকেলতকৈ এখন ৰেলগাড়ীৰ জড়তা বেছি।
গ) এটকীয়া মুদ্ৰাতকৈ পাঁচটকীয়া মুদ্ৰাৰ জড়তা বেছি।
2.
উত্তৰঃ