Type Here to Get Search Results !

Class 9 Science Ch 3 অণু আৰু পৰমাণু || Charaideo Academy 2024-25

 অণু আৰু পৰমাণু

(Atoms and Moleculs)

পাঠভিত্তিক  প্ৰশ্নোত্তৰ 

Watch on YouTube


Aaa



প্ৰশ্নাৱলী:

Page No 32,33

1.  বিক্ৰিয়া এটাত 5.3g ছ'ডিয়াম কাৰ্বনেটে 6g ইথানয়িক এছিডৰ সৈতে বিক্ৰিয়া কৰিছিল। উৎপাদিত দ্ৰব্যবোৰ আছিল 2.2g কাৰ্বন ডাই অক্সাইড,  0.9g পানী আৰু 8.2g ছ'ডিয়াম ইথানয়েট। দেখুওৱা যে ফলাফলবোৰ ভৰৰ নিত্যতা সুত্ৰ অনুযায়ী হৈছে। 

ছ'ডিয়াম কাৰ্বনেট + ইথানয়িক এছিড →ছ'ডিয়াম ইথানয়েট + কাৰ্বন ডাই অক্সাইড + পানী

উত্তৰঃ দিয়া আছে,

ছ'ডিয়াম কাৰ্বনেটৰ ভৰ = 5.3g

ইথানয়িক এছিডৰ ভৰ = 6g

কাৰ্বন ডাই অক্সাইডৰ ভৰ = 2.2g

পানীৰ ভৰ = 0.9g

ছ'ডিয়াম ইথানয়েটৰ ভৰ = 8.2g

∴ বিক্ৰিয়াৰ আগত মুঠ ভৰ = ছ'ডিয়াম কাৰ্বনেটৰ ভৰ + ইথানয়িক এছিডৰ ভৰ

                                          = 5.3g + 6g

                                          = 11.3g

আৰু

বিক্ৰিয়াৰ পাছত মুঠ ভৰ = কাৰ্বন ডাই অক্সাইডৰ ভৰ + পানীৰ ভৰ + ছ'ডিয়াম ইথানয়েটৰ ভৰ

                                      = 2.2g + 0.9g + 8.2g 

                                      = 11.3g

∴ বিক্ৰিয়াৰ আগত মুঠ ভৰ = বিক্ৰিয়াৰ পাছত মুঠ ভৰ

অৰ্থাৎ, ফলাফলবোৰ ভৰৰ নিত্যতা সুত্ৰ অনুযায়ী হৈছে। 


2. হাইড্ৰ'জেন আৰু অক্সিজেন 1:8 ভৰৰ অনুপাতত লগ লাগি পানী উৎপন্ন কৰে।  3g হাইড্ৰ'জেনৰ সৈতে সম্পূৰ্ণকৈ বিক্ৰিয়া কৰিবলৈ কিমান ভৰৰ অক্সিজেনৰ প্ৰয়োজন হ'ব?

উত্তৰঃ হাইড্ৰ'জেন আৰু অক্সিজেন 1:8 ভৰৰ অনুপাতত লগ লাগি পানী উৎপন্ন কৰে

অৰ্থাৎ, পানী উৎপন্ন কৰিবলৈ

  1g হাইড্ৰ'জেনৰ লগত বিক্ৰিয়া কৰা অক্সিজেনৰ পৰিমাণ = 8g

∴3g হাইড্ৰ'জেনৰ লগত বিক্ৰিয়া কৰা অক্সিজেনৰ পৰিমাণ = 8 ×3 =24 g

       3g হাইড্ৰ'জেনৰ সৈতে সম্পূৰ্ণকৈ বিক্ৰিয়া কৰিবলৈ 24g  অক্সিজেনৰ প্ৰয়োজন হ'ব। 


3. ডেল্টনৰ পৰমাণুবাদৰ কোনটো স্বীকাৰ্য্য ভৰৰ নিত্যতা সুত্ৰৰ ফল? 

উত্তৰঃ

"পৰমাণুবােৰ অবিভাজ্য কণা যাক ৰাসায়নিক বিক্রিয়া এটাত সৃষ্টি বা বিনাশ কৰিব নোৱাৰি।" - ডেল্টনৰ পৰমাণুবাদৰ এই স্বীকাৰ্য্যটো ভৰৰ নিত্যতা সুত্ৰৰ ফল। 


4. ডেল্টনৰ পৰমাণুবাদৰ কোনটো স্বীকাৰ্য্যই স্থিৰানুপাত সুত্ৰটো ব্যাখ্যা কৰিব পাৰে? 

উত্তৰঃ স্থিৰানুপাত সুত্ৰটো ব্যাখ্যা কৰিব পৰা ডেল্টনৰ পৰমাণুবাদৰ স্বীকাৰ্য্যটো হ'ল- "যৌগ গঠনৰ বাবে পৰমাণুবােৰ অখণ্ড সংখ্যাৰ সৰল অনুপাতত যোজিত হয়।"


Page No 35

1. পাৰমাণৱিক ভৰ এককৰ সংজ্ঞা দিয়া। 

উত্তৰঃ C-12 ৰ এটা পৰমাণুৰ ঠিক 1/12  অংশৰ ভৰকে এক পাৰমাণৱিক ভৰ বোলে। 


2. খালী চকুৰে পৰমাণু এটা দেখা সম্ভৱ নহয় কিয়? 

উত্তৰঃ পৰমাণুবােৰ অতি ক্ষুদ্ৰ,  বহু নিযুতৰো অধিক পৰমাণু এটাৰ ওপৰত এটাকৈ থলে কথমপিহে এখিলা কাগজৰ সমান ডাঠ হ'ব। সেয়ে খালী চকুৰে পৰমাণু এটা দেখা সম্ভৱ নহয়। 


Page No 39

1. সংকেত লিখা 

(i) ছ'ডিয়াম অক্সাইড 




(ii) এলুমিনিয়াম ক্ল'ৰাইড


(iii) ছ'ডিয়াম ছালফাইড


(iv) মেগনেছিয়াম হাইড্ৰ'ক্সাইড


2. তলৰ সংকেতবোৰে বুজোৱা যৌগবোৰৰ নাম লিখাঃ


3. ৰাসায়নিক সংকেত পদটোৰ দ্বাৰা কি বুজোৱা হৈছে?

উত্তৰঃ ৰাসায়নিক সংকেত হৈছে এটা যৌগত থকা মৌলবোৰৰ সংযুতিক প্ৰতীকি ৰূপত উপস্থাপন কৰা এটা ব্যৱস্থা। 


4. (i) H₂S অণু আৰু

(ii) PO₄³⁻আয়নত 

কেইটাকৈ পৰমাণু আছে?

উত্তৰঃ (i) H₂S অণুত হাইড্ৰজেন(H)ৰ দুটা পৰমাণু আৰু ছালফাৰ (S)ৰ এটা পৰমাণু আছে। মুঠ 3টা পৰমাণু আছে। 

(ii) PO₄³⁻ আয়নত ফছফৰাছ (P)ৰ এটা পৰমাণু আৰু অক্সিজেন (O)ৰ চাৰিটা পৰমাণু আছে। মুঠ 5টা পৰমাণু আছে। 


Page No- 40

1. H₂, O₂, Cl₂, CO₂, CH₄, C₂H₆⁻, C₂H₄, NH₃আৰু CH₃OHৰ আণবিক ভৰ গণনা কৰা।







প্ৰশ্নাৱলী 5





Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.