Type Here to Get Search Results !

Class 9 Science Ch 2 আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে ? 2024-25

 বিজ্ঞান 

আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে ?  

প্ৰশ্নাৱলী Page-15

 1. পদার্থ বুলিলে কি বুজা ?

উত্তৰঃ দ্ৰৱ বা বস্তুৰ বিশুদ্ধ ৰূপক পদার্থ বােলে। যেনে- চেনি, নিমখ আদি।

2. সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ মাজৰ প্রভেদবােৰ লিখা।

উত্তৰঃ (i) সমসত্ব মিশ্রণৰ সংযুতি ইয়াৰ সকলাে অংশতে  একে। যেনে- নিমখ আৰু পানীৰ মিশ্রণ। আনহাতে, অসমসত্ব মিশ্ৰণৰ সংযুতি সকলাে অংশতে সমানে নহয়। যেনে- চক পেঞ্চিল আৰু পটাছিয়াম পার্মাংগানেটৰ মিশ্রণ।

(ii) সমসত্ব মিশ্রণ সাধাৰণতে স্বচ্ছ। আনহাতে, অসমসত্ব মিশ্রণ সম্পূর্ণভাৱে অস্বচ্ছ।

Page-18

1. উদাহৰণ দি সমসত্ব আৰু অসমসত্ব মিশ্রণ পার্থক্য লিখা।

উত্তৰঃ সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ পাৰ্থক্য বোৰ হ'লঃ

১) দ্ৰৱণৰ এটা ধৰ্ম হ'ল সমসত্ব মিশ্ৰণ আনহাতে প্ৰলম্বনৰ ধৰ্ম হ'ল অসমসত্ব মিশ্ৰণ ।উদাহৰণ স্বৰূপেঃ পানী আৰু চেনিৰ মিশ্ৰণ, চকমাটি আৰু ময়দাৰ গুৰি।

২) সমসত্ব মিশ্ৰণটোত দ্ৰৱণৰ কণিকাবোৰ খালী চকুৰে দেখা পোৱা নাযায় আনহাতে অসমসত্ব মিশ্ৰণত প্ৰলম্বিত কণিকাবোৰ খালী চকুৰে দেখা পোৱা য়ায।

৩) সমসত্ব দ্ৰৱণত দ্ৰাৱ্যৰ কণিকাবোৰ সৰু হোৱা বাবে ইহঁতে পোহৰৰ ৰশ্মি বিচ্ছুৰিত কৰিব নোৱাৰে।গতিকে দ্ৰৱণৰ মাজেৰে পাৰ হৈ যোৱা ৰশ্মি দৃশ্য়মান নহয় আনহাতে অসমসত্ব মিশ্ৰণত প্ৰলম্বিত কণিকাবোৰে পোহৰ ৰশ্মিৰ বিচ্ছুৰণ ঘটাব পাৰে আৰু পোহৰ ৰশ্মি গতি দৃশ্য়মাণ কৰি তোলে।

৪) পৰিস্ৰাৱণ প্ৰণালীৰে সমসত্ব মিশ্ৰণ পৃথক কৰিব নোৱাৰি আনহাতে অসমসত্ব মিশ্ৰণ পৃথক কৰিব পাৰি।

সমসত্ব মিশ্ৰণৰ উদাহৰণ হ'লঃ কপাৰ ছালফেট আৰু পানী, চেনি আৰু পানী।

অসমসত্ব মিশ্ৰণৰ উদাহৰণ হ'লঃ চকমাটি আৰু ময়দাৰ গুৰি, গাখীৰ আৰু চিয়াঁহী।



Page-24

১)তলৰ কাৰ্যবোৰ ৰাসায়নিক নে ভৌতিক পৰিবৰ্তন?

• গছ কটা

• কেৰাহি এখনত মাখন গলি যোৱা

• আলমাৰিত মামৰ ধৰা

• পানী উতলাই জলীয় ভাপ কৰা

• পানীৰ মাজেদি বিদ্য়ুত প্ৰৱাহিত কৰিলে হাইড্ৰজেন আৰু অক্সিজেন গেছ উৎপন্ন হোৱা

• পানীত নিমখ দ্ৰৱীভূত কৰা

• কেঁচা ফলৰ পৰা চালাড প্ৰস্তুত কৰা

• কাগজ আৰু কাঠ পুৰিলে

উত্তৰঃ গছ কটা = ভৌতিক পৰিবৰ্তন

           কেৰাহি এখনত মাখন গলি যোৱা = ভৌতিক পৰিবৰ্তন

           আলমাৰিত মামৰ ধৰা = ৰাসায়নিক পৰিবৰ্তন

           পানী উতলাই জলীয় ভাপ কৰা = ভৌতিক পৰিবৰ্তন

           পানীৰ মাজেদি বিদ্য়ুত প্ৰৱাহিত কৰিলে হাইড্ৰজেন আৰু অক্সিজেন গেছ উৎপন্ন হোৱা = ৰাসায়নিক পৰিবৰ্তন

       পানীত নিমখ দ্ৰৱীভূত কৰা = ভৌতিক পৰিবৰ্তন

       কেঁচা ফলৰ পৰা চালাড প্ৰস্তুত কৰা = ভৌতিক পৰিবৰ্তন

        কাগজ আৰু কাঠ পুৰিলে = ৰাসায়নিক পৰিবৰ্তন



Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.