প্ৰশ্নাৱলী - 1 (Page No 3)
1. তলৰ কোনবোৰ পদাৰ্থ?
চকী , বায়ু , প্ৰেম , গোন্ধ , ঘৃণা , বাদাম , চিন্তা , ঠাণ্ডা , ঠাণ্ডা-পানীয় , সুগন্ধি দ্ৰৱ্যৰ সুবাস
উত্তৰঃ চকী, বায়ু, বাদাম, ঠাণ্ডা পানীয়, সুগন্ধি দ্ৰৱ্যৰ সুবাস।
2. তলৰ পৰ্যবেক্ষণটোৰ কাৰণ দৰ্শোৱা
উত্তপ্ত অৱস্থাত থকা বস্তুৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায়। কিন্তু ঠাণ্ডা বস্তুৰ গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে।
উত্তৰঃ উষ্ণতা বৃদ্ধিৰ হ'লে পদাৰ্থৰ কণিকাবোৰৰ গতিশক্তি আৰু ব্যাপনৰ মাত্ৰা বাঢ়ে। সেয়ে গৰম বস্তুৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায়।কিন্তু ঠাণ্ডা বস্তুৰ গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে।
3. এজন ডুবাৰুৱে সাতোঁৰাৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে । পদাৰ্থৰ কি ধৰ্মৰ ভিত্তিত এইটো সম্ভৱ?
উত্তৰঃ পানীৰ কণিকাবোৰৰ মাজত যথেষ্ট ব্যৱধান আছে আৰু ইহঁতৰ আকৰ্ষণ বল কম হোৱাৰ বাবে এজন ডুবাৰুৱে সাতোঁৰাৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে।
4. পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্যবিলাক লিখা।
উত্তৰঃ পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্যবোৰ হ'ল -
ক) পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান আছে।
খ) পদাৰ্থৰ কণিকাবোৰ অনবৰতে গতি কৰি থাকে।
গ) পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ বল আছে।
প্ৰশ্নাৱলী - 2 (Page No 6)
1. পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ পৰিমাণকে ঘনত্ব বোলে। (ঘনত্ব=ভৰ/আয়তন)। তলৰ পদাৰ্থবোৰ ঘনত্বৰ উৰ্দ্ধক্ৰমত সজোৱা— বায়ু, চিমনিৰ পৰা ওলোৱা ধোঁৱা, মৌ, পানী, চকমাটি, কপাহ আৰু লো।
উত্তৰঃ বায়ু , চিমনিৰ পৰা ওলোৱা ধোঁৱা , কপাহ , পানী , মৌ , চকমাটি , লো।
2. (a) পদার্থ বিভিন্ন অৱস্থাৰ বৈশিষ্ট্যবােৰৰ পার্থক্য দেখুৱাই এখন তালিকা কৰা।
উত্তৰঃ
কঠিন পদার্থ
(i) নির্দিষ্ট চাপ আৰু উষ্ণতাত আকাৰ আয়তনৰ মান নির্দিষ্ট থাকে
(ii) ইয়াৰ আকাৰ সহজে পৰিৱৰ্তন কৰা নাযায়।
(iii) প্রচণ্ড চাপ প্রয়ােগ কৰিলেও আয়তনৰ তাৰতম্য নঘটে।
(iv) এইবােৰ বিয়পি নপৰে
তৰল পদাৰ্থ
(i) নির্দিষ্ট চাপ আৰু উষ্ণতাত নির্দিষ্ট আয়তন আছে। কিন্তু নির্দিষ্ট আকাৰ নাই।
(ii) যি পাত্ৰত ৰখা সেই পাত্ৰৰ আকাৰ ধাৰণ কৰে।
(iii) সাধাৰণ চাপত ইয়াৰ আয়তনৰ কোনাে তাৰতম্য নঘটে।
(iv) এটা স্থানৰপৰা আনটো স্থানলৈ বৈ ।
গেছীয় পদাৰ্থ
(i) কোনাে নির্দিষ্ট আকাৰ আয়তন নাই।
(ii) যি পাত্ৰত ৰখা হয়, সেই পাত্ৰৰ আকাৰ আকৃতি ধাৰণ কৰে।
(iii) এইবােৰক চাপ প্রয়ােগ কৰি অধিক সংকুচিত কৰিব পাৰি।
(iv) ই সােনকালে এটা স্থানৰ পৰা আনটো স্থানলৈ যায়
(b) তলৰ বিষয় বিলাকৰ ওপৰত মন্তব্য দিয়া 一
দৃঢ়তা (rigidity), সংকোচনশীলতা (compressibility), প্ৰবাহীতা (fluidity), আকাৰ (shape), গতিশক্তি (kinetic energy) আৰু ঘনত্ব (density)।
উত্তৰঃ- দৃঢ়তাঃ বাহ্যিক বল প্ৰয়োগ কৰিলেও পদাৰ্থই নিজৰ আকৃতি সলনি নকৰা ধৰ্মকে দৃঢ়তা বোলে।
সংকোচনশীলতাঃ চাপ প্ৰয়োগ কৰি পদাৰ্থৰ কণিকাবোৰৰ ব্যৱধান কম কৰিব পৰা অৰ্থাৎ আয়তন হ্ৰাস কৰিব পৰা ধৰ্মটোক সংকোচনশীলতা বোলে। জুলীয়া আৰু গেছীয় পদাৰ্থই সংকোচনশীলতা দেখুৱাই।
প্ৰবাহীতাঃ জুলীয়া পদাৰ্থবোৰ বৈ যাব পাৰে আৰু আকাৰ সলাব পাৰে ইয়াকে প্ৰবাহীতা বোলে।
আকাৰঃ স্পষ্ট পৰিসীমা, নিৰ্দিষ্ট আকৃতি আৰু আয়তনকে আকাৰ বোলে।
গতিশক্তিঃ গতিশীল অৱস্থাত কণিকাৰ সৈতে জড়িত শক্তিকে গতিশক্তি বোলে। উষ্ণতা বৃদ্ধিৰ লগে লগে পদাৰ্থৰ কণিকাৰ গতিশক্তিও বৃদ্ধি হয়।
ঘনত্বঃ প্ৰতি একক আয়তনত থকা ভৰক পদাৰ্থৰ ঘনত্ব বোলে।
3. কাৰণ দৰ্শোৱা 一
(a) কোনো এটা বন্ধ পাত্ৰত গেছ ৰাখিলে সেই গেছ পাত্ৰটোৰ সকলো অংশ অধিকাৰ কৰে।
উত্তৰঃ- গেছীয় পদাৰ্থৰ কণিকাবোৰৰ মাজৰ ব্যৱধান বেছি আৰু আকৰ্ষণ অতি নগণ্য হোৱাৰ বাবে পাত্ৰ এটাত গেছ ৰাখিলে যাদৃচ্ছিকভাৱে গতি কৰে। সেয়ে কোনো এটা বন্ধ পাত্ৰত গেছ ৰাখিলে সেই গেছ পাত্ৰটোৰ সকলো অংশ অধিকাৰ কৰে।
b) ধাৰক পাত্ৰৰ বেৰত গেছে চাপ দিয়ে।
উত্তৰঃ- গেছীয় অৱস্থাত পদাৰ্থৰ কণিকাবোৰে যাদৃচ্ছিক ভাৱে তীব্ৰ বেগত গতি কৰে বাবে কণিকাবোৰে পৰস্পৰে পৰস্পৰক খুন্দা মাৰে আৰু ধাৰক পাত্ৰৰ বেৰতো খুন্দা মাৰে। এই খুন্দাৰ ফলত ধাৰক পাত্ৰৰ বেৰত চাপৰ সৃষ্টি হয়। এয়াই গেছৰ চাপ।
c) কাঠৰ টেবুল এখনক কঠিন পদাৰ্থ বুলিব পাৰি।
উত্তৰঃ- কাঠৰ টেবুল এখনৰ নিৰ্দিষ্ট আকাৰ আৰু আয়তন আছে। তদুপৰি টেবুল এখন দৃঢ় আৰু সংকোচন নঘটে। সেয়ে কাঠৰ টেবুল এখনক কঠিন পদাৰ্থ বুলিব পাৰি
d) বায়ুত আমাৰ হাতখন সহজতে ঘূৰাব পাৰো কিন্তু কাঠ এডোখৰৰ মাজেৰে ঘূৰাবলৈ এজন কেৰাটে বিশেষজ্ঞৰ প্ৰয়োজন।
উত্তৰঃ- বায়ুৰ কণিকাৰ মাজত আকৰ্ষণ বল কম আৰু কণিকাবোৰৰ মাজৰ ব্যৱধান বেছি। আনহাতে,কাঠৰ কণিকাবোৰৰ মাজত আকৰ্ষণ বেছি আৰু কণিকাবোৰৰ মাজৰ ব্যৱধান অতি নগণ্য। সেয়ে বায়ুত আমাৰ হাতখন সহজতে ঘূৰাব পাৰো কিন্তু কাঠ এডোখৰৰ মাজেৰে ঘূৰাবলৈ এজন কেৰাটে বিশেষজ্ঞৰ প্ৰয়োজন।
4. কঠিন পদাৰ্থৰ তুলনাত জুলীয়া পদাৰ্থৰ ঘনত্ব কম। কিন্তু দেখিছানে বৰফ পানীত ওপঙে, কিয় বাৰু?
উত্তৰঃ- পানীৰ কণিকাবোৰ গোট মাৰি বৰফৰ সৃষ্টি হয়, যদিও বৰফৰ কণিকাবোৰৰ মাজত বহুতো খালী ঠাই থাকি যায়। ফলত বৰফৰ ঘনত্ব পানীতকৈ কম হয়। সেয়ে বৰফ পানীত ওপঙে।
Page No- 9
তলত দিয়া উষ্ণতাবোৰ চেণ্টিগ্ৰেড স্কেলত প্ৰকাশ কৰা।
(a) 300k
(b) 573k
উত্তৰঃ (a) 300k = 300-273
= 27°C
(b) 573k = 573-273
= 300°C
10. তলৰ উষ্ণতাবিলাকত পানীৰ ভৌতিক অৱস্থা কি হ’ব ?
(a) 250°C
(b) 100°C
উত্তৰঃ (a) গেছীয়।
(b) তৰল বা গেছীয়।
11. কোনো পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিবৰ্তনৰ সময়চোৱাত উষ্ণতা স্থিৰ হৈ থাকে কিয় ?
উত্তৰঃ কাৰণ প্ৰয়োগ কৰা তাপ কণিকাবোৰৰ মাজৰ আকৰ্ষণ বল অতিক্রম কৰি অৱস্থাৰ পৰিবৰ্তন ঘটাবলৈ ব্যৱহাৰ কৰা হয়।
12. বায়ুমণ্ডলীয় গেছ জুলীয়া কৰিব পৰা পদ্ধতি এটা কোৱা।
উত্তৰঃ বায়ুমণ্ডলীয়া গেছচাপ দি ঠাণ্ডা কৰিলে জুলীয়া হয়।
1. তলত দিয়া উষ্ণতাবোৰ ছেলছিয়াছ স্কেলত প্ৰকাশ কৰা
(a) 300 k (b) 573 k
উত্তৰঃ-
2. তলৰ উষ্ণতাবিলাকত পানীৰ ভৌতিক অৱস্থা কি হব?
উত্তৰঃ-
3. কোনো পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিবৰ্তনৰ সময়চোৱাত উষ্ণতা স্থিৰ হৈ থাকে কিয়?
উত্তৰঃ- ভৌতিক অৱস্থাৰ পৰিৱৰ্তনৰ সময়ছোৱাত উষ্ণতা স্থিৰ হৈ থকাৰ কাৰণ হ’ল উষ্ণতা পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তনৰ কাৰণে আৱশ্যক হয়। যাক পদাৰ্থৰ লীনতাপ বুলি কোৱা হয়।
বা
কাৰণ প্ৰয়োগ কৰা তাপ কণিকাবোৰৰ মাজৰ আকৰ্ষণ বল অতিত্ৰুম কৰি অৱস্থাৰ পৰিবৰ্তন ঘটাবলৈ ব্যৱহাৰ কৰা হয়।
4. বায়ুমণ্ডলীয় গেছ জুলীয়া কৰিব পৰা পদ্ধতি এটা কোৱা।
উত্তৰঃ- উচ্চ চাপত অথবা নিম্ন উষ্ণতাত বায়ুমণ্ডলীয় গেছক জুলীয়া বা তৰল অৱস্থালৈ আনিব পাৰি।
বা
বায়ুমণ্ডলীয় গেছ চাপ দি ঠাণ্ডা কৰিলে জুলীয়া হয়।
Page No 10
4. গৰম চাহ বা গাখীৰ কাপত লৈ খোৱাতকৈ প্লেটত লৈ খোৱা সহজ কিয়?
উত্তৰঃ পৃষ্ঠকালি বাঢ়িলে বাষ্পীভৱনৰ মাত্ৰা বাঢ়ে। কাপতকৈ প্লেটৰ পৃষ্ঠকালি বেছি বাবে প্লেটত গৰম চাহ ললে সোনকালে ঠাণ্ডা হয়। সেয়ে গৰম চাহ বা গাখীৰ কাপত লৈ খোৱাতকৈ প্লেটত লৈ খোৱা সহজ।