Type Here to Get Search Results !

Class 9 Science 7 জীৱৰ বিচিত্ৰতা 2024-25

 জীৱৰ বিচিত্ৰতা

প্ৰশ্নাৱলী-1 Page No 80

1. আমি জীৱবিলাকক কিয় শ্ৰেণীবিভাজন কৰোঁ?

উত্তৰঃ অধ্যয়নৰ সুবিধাৰ বাবে জীৱবিলাকক শ্ৰেণীবিভাজন কৰা হয়। 

2. তোমাৰ চাৰিওফালে থকা বিভিন্ন জীৱবিলাকৰ মাজত দেখা পোৱা, পার্থক্য বিলাকৰ তিনিটা উদাহৰণ দিয়া?

উত্তৰঃ আমাৰ চাৰিওপাশে থকা বিভিন্ন জীৱবিলাকৰ মাজত দেখা তিনিটা পাৰ্থক্য হ'ল–

(i) কিছুমান জীৱৰ আকাৰ অতিক্ষুদ্ৰ (যেনেঃ বেক্টেৰীয়া) আনহাতে কিছুমান জীৱৰ আকাৰ অতি বিশাল (যেনেঃ তিমিমাছ)।

(ii) কিছুমান জীৱ মাত্ৰ কেইদিনমানহে জীয়াই থাকে (যেনেঃ ম'হ, মাখি) আনহাতে কিছুমান জীৱ বহু হাজাৰ বছৰ জীয়াই থাকে (যেনেঃ পাইন গছ)।

(iii) কিছুমান জীৱ বৰণহীন আনহাতে কিছমান জীৱ বাৰেবৰণীয়া।


প্ৰশ্নাৱলী-2 Page No 82

1. জীৱজগতৰ শ্ৰেণী বিভাজন কৰোতে কোনটো চৰিত্ৰগত বৈশিষ্ট্যক বেচি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিবা?

(ক) সিহঁতে বাস কৰা স্থানক?

(খ) সিহঁতৰ দেহ গঠনত অংশ লোৱা কোষৰ প্ৰকাৰক? আৰু কিয়?

উত্তৰঃ জীৱজগতৰ শ্ৰেণীবিভাজন কৰোতে সিহঁতৰ দেহ গঠনত অংশ লোৱা কোষৰ প্ৰকাৰক বেচি গুৰুত্ব দিয়া হ'ব।

     জীৱৰ দেহ গঠন আৰু কাৰ্য্যৰ একক হৈছে কোষ। কোষৰ কোষকেন্দ্ৰৰ ওপৰত ভিত্তি কৰি জীৱবোৰক সংকোষকেন্দ্ৰীয় আৰু প্ৰকোষকেন্দ্ৰীয় হিচাপে ভাগ কৰিব পাৰি। 


2. জীৱজগতৰ শ্ৰেণীবিভাজনত প্রথম পৰ্যায়ত বিবেচনা কৰা প্ৰাথমিক চৰিত্ৰগত বৈশিষ্ট্যটো কি?

উত্তৰঃ জীৱজগতৰ শ্ৰেণীবিভাজনত প্রথম পৰ্যায়ত বিবেচনা কৰা প্ৰাথমিক চৰিত্ৰগত বৈশিষ্ট্যটো হ'ল— কোষৰ প্ৰকৃতি।

      কোষৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি জীৱসমূহক সংকোষকেন্দ্ৰীয় আৰু প্ৰকোষকেন্দ্ৰীয় জীৱ হিচাপে ভাগ কৰা হৈছে।

3. কি চৰিত্রগত বৈশিষ্টক ভিত্তি কৰি উদ্ভিদ আৰু প্রাণীবিলাকক দুটা পৃথক ভাগত স্থান দিয়া হৈছে?






অনুশীলনী

1. জীৱবিলাকৰ বৰ্গীকৰণৰ সুবিধাসমূহ কি কি?

উত্তৰঃ জীৱবিলাকৰ বৰ্গীকৰণৰ সুবিধাসমূহ হ'ল —

(I) জীৱবিলাকৰ বিষয়ে (চাৰিত্ৰিক বৈশিষ্ট্য, পৰিপুষ্টি, প্ৰজনন আদি) অধ্যয়ন কৰিবলৈ সুবিধা হয়।

(ii) জীৱসমূহৰ মাজৰ মিল–অমিলবোৰ জানিব পাৰি।

(iii) জীৱসমূহৰ মাজৰ সম্পৰ্কৰ বিষয়ে জানিব পাৰি।


(iv) জীৱ এবিধ এককোষী নে বহুকোষী জানিব পাৰি।

(v) জীৱ এবিধ স্বপোষী নে পৰপোষী জানিব পাৰি।

2. জীৱৰ দুটা চৰিত্ৰৰ মাজত থকা বৈশিষ্ট্যক বিবেচনা কৰি কেনেদৰে শ্ৰেণীবিভাজনৰ বৰ্গীকৰণ কৰিবা?

উত্তৰঃ জীৱৰ শ্ৰেণীবিভাজনৰ বৰ্গাণুক্ৰমবোৰ হ'ল —

                    ৰাজ্য

                          বিভাগ / পৰ্ব

                                  শ্ৰেণী

                                          বৰ্গ

                                               গোত্ৰ

                                                     গণ

                                                           প্ৰজাতি

     জীৱসমূহৰ শ্ৰেণীবিভাজন কৰোতে  বৰ্গাণুক্ৰম অনুসৰি ক্ৰমে সৰু সৰু ভাগত বিভক্ত হৈ পৰে। শেষত জীৱবিলাকৰ প্ৰজাতি নিৰ্ণয় কৰা হয়।


3. জীৱ জগতৰ পঞ্চৰাজ্য বিভাজনৰ ভিত্তিসমূহ বৰ্ণনা কৰা।

উত্তৰঃ জীৱ জগতৰ পঞ্চৰাজ্য বিভাজনৰ ভিত্তিসমূহ হ'ল —

(i) 

(ii) 

(iii) 

(iv) 

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.