Type Here to Get Search Results !

Class 4 EVS Ch 1 গছ-গছনিৰ কথা

গছ-গছনিৰ কথা
অনুশীলনী
১। উত্তৰ লিখা 一
(ক) উদ্ভিদ এজোপাৰ অংশসমূহৰ নাম লিখা। 
উত্তৰঃ- উদ্ভিদ এজোপাৰ অংশসূহ হ'ল- শিপা, গা-গছ বা কাণ্ড, ডাল, পাত, ফুল আৰু ফল। 
(খ) শিপাক পাচলি হিচাপে খোৱা তিনিবিধ উদ্ভিদৰ নাম লিখা।
উত্তৰঃ- শিপাক পাচলি হিচাপে খোৱা তিনিবিধ উদ্ভিদৰ নাম হ'ল- গাজৰ, মূলা, বীট। 
(গ) উদ্ভিদৰ পাতৰ বৰণ সেউজীয়া হোৱাৰ কাৰণ কি?
উত্তৰঃ- উদ্ভিদৰ পাতৰ বৰণ সেউজীয়া হোৱাৰ কাৰণ হ'ল- পাতত পত্ৰহৰিৎ নামৰ এবিধ সেউজীয়া ৰঞ্জক পদাৰ্থ থাকে। 
(ঘ) বছৰৰ সকলো সময়তে ফুলি থকা দুবিধ ফুলৰ নাম লিখা।
উত্তৰঃ- বছৰৰ সকলো সময়তে ফুলি থকা দুবিধ ফুলৰনাম হ'ল- গোলাপ, নয়নতৰা।
(ঙ) গ্ৰীষ্ম ঋতুত হোৱা তিনিবিধ ফলৰ নাম লিখা।
উত্তৰঃ- গ্ৰীষ্ম ঋতুত হোৱা তিনিবিধ ফলৰ নাম হ'ল- আম, জামু, লিচু।
(চ) চাৰিবিধ বহুগুটীয়া ফলৰ নাম লিখা।
উত্তৰঃ- চাৰিবিধ বহুগুটীয়া ফলৰ নাম হ'ল- কঁঠাল, ডালিম, লেটেকু, কমলা। 
২। খালী ঠাই পূৰ কৰা –
(ক) উদ্ভিদে আহাৰ প্ৰস্তুত কৰিবলৈ __________ গেছ ব্যৱহাৰ কৰে।
উত্তৰঃ- উদ্ভিদে আহাৰ প্ৰস্তুত কৰিবলৈ কাৰ্বন–ডাই–অক্সাইড গেছ ব্যৱহাৰ কৰে।
(খ) লিচু, জলফাই আদিৰ ________ গুটি থাকে।
উত্তৰঃ- লিচু, জলফাই আদিৰ এটা গুটি থাকে।
(গ) উদ্ভিদে বায়ুমণ্ডলত _____ গেছ আৰু কাৰ্বন-ডাই-অস্কাইড গেছৰ ভাৰসাম্য ৰক্ষা কৰে।
উত্তৰঃ- উদ্ভিদে বায়ুমণ্ডলত অক্সিজেন গেছ আৰু কাৰ্বন-ডাই-অস্কাইড গেছৰ ভাৰসাম্য ৰক্ষা কৰে।
(ঘ) ফুলৰ পৰাই ________উৎপন্ন হয়।
উত্তৰঃ- ফুলৰ পৰাই ফল উৎপন্ন হয়।
(ঙ) ফুলৰ ৰং আৰু ________ কীট-পতংগক আকৰ্ষণ কৰে।
উত্তৰঃ- ফুলৰ ৰং আৰু গোন্ধে কীট-পতংগক আকৰ্ষণ কৰে।
৩। শুদ্ধ উত্তৰটোত ‘√'চিন দিয়া 一
(ক) উদ্ভিদে আহাৰ তৈয়াৰ কৰোঁতে বায়ুমণ্ডলৰ পৰা কাৰ্বন-ডাই-অক্সাইড/অক্সিজেন গেছ আহৰণ কৰে ।
উত্তৰঃ- উদ্ভিদে আহাৰ তৈয়াৰ কৰোঁতে বায়ুমণ্ডলৰপৰা কাৰ্বন-ডাই-অক্সাইড গেছ আহৰণ কৰে। 
(খ) শেৱালি, ৰজনীগন্ধা আদি দিনত/ ৰাতি ফুলে।
উত্তৰঃ- শেৱালি, ৰজনীগন্ধা আদি ৰাতি ফুলে। 
(গ) কমলা, বগৰী আদি গ্ৰীষ্ম ঋতু/ শীত ঋতুত হোৱা ফল।
উত্তৰঃ- কমলা, বগৰী আদি শীত ঋতুত হোৱা ফল। 
(ঘ) মাটি কঁঠাল, তৰমুজ আদিৰ আকাৰ সৰু/ডাঙৰ।
উত্তৰঃ- মাটি কঁঠাল, তৰমুজ আদিৰ আকাৰ ডাঙৰ। 

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.