Type Here to Get Search Results !

Class 10 Science || Lesson 1 || ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ || HSLC 2025

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ

প্ৰশ্নাৱলী-1 (Page No- 6)



প্ৰশ্নাৱলী -1 (Page- 6)

1. বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিতা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয়?

উত্তৰঃ মেগনেছিয়ামৰ ফিতাৰ ওপৰত মেগনেছিয়াম অক্সাইডৰ এটা তৰপ পৰি থাকে। এই তৰপটোৱে ফিতাডালৰ দহনত বাধা প্ৰদান কৰে । সেয়ে বায়ুত দহনৰ আগতে মেগনেছিমৰ ফিতা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে।

2. তলৰ ৰাসায়নিক বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত সমীকৰণ লিখা।

 (I) হাইড্ৰ'জেন + ক্ল'ৰিণ → হাইড্ৰ'জেন ক্ল'ৰাইড

উত্তৰঃ H2 + Cl2 → 2HCl

 (ii) বেৰিয়াম ক্ল'ৰাইড + এলুমিনিয়াম ছালফেট → বেৰিয়াম ছালফেট + এলুমিনিয়াম ক্ল'ৰাইড

উত্তৰঃ 3BaCl2 + Al2(SO4)3 → 3BaSO4 + 2AlCl3

  (iii) ছ'ডিয়াম + পানী →ছ'ডিয়াম হাইড্ৰ'ক্সাইড + হাইড্ৰ'জেন

উত্তৰঃ 2Na + 2H2O → 2NaOH + H2


1. বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয়?

উত্তৰঃ- মেগনেছিয়াম ফিটাৰ পৃষ্ঠ ভাগত বায়ুত থকা জলীয় বাষ্পৰ বাবে ক্ষাৰকীয় মেগনেছিয়াম কাৰ্বনেটৰ এটা তৰপ গঠন হয়। এই তৰপটোৰ বাবে মেগনেছিয়াম ফিতাই বায়ুত থকা অক্সিজেনৰ প্ৰত্যক্ষ সংযোগ নাপায়।

2. 



প্ৰশ্নাৱলী -1 (Page- 6)

1. বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিতা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয়?

উত্তৰঃ মেগনেছিয়ামৰ ফিতাৰ ওপৰত মেগনেছিয়াম অক্সাইডৰ এটা তৰপ পৰি থাকে। এই তৰপটোৱে ফিতাডালৰ দহনত বাধা প্ৰদান কৰে । সেয়ে বায়ুত দহনৰ আগতে মেগনেছিমৰ ফিতা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে।

2. তলৰ ৰাসায়নিক বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত সমীকৰণ লিখা।

 (I) হাইড্ৰ'জেন + ক্ল'ৰিণ → হাইড্ৰ'জেন ক্ল'ৰাইড

উত্তৰঃ H2 + Cl2 → 2HCl

 (ii) বেৰিয়াম ক্ল'ৰাইড + এলুমিনিয়াম ছালফেট → বেৰিয়াম ছালফেট + এলুমিনিয়াম ক্ল'ৰাইড

উত্তৰঃ 3BaCl2 + Al2(SO4)3 → 3BaSO4 + 2AlCl3

  (iii) ছ'ডিয়াম + পানী →ছ'ডিয়াম হাইড্ৰ'ক্সাইড + হাইড্ৰ'জেন

উত্তৰঃ 2Na + 2H2O → 2NaOH + H2

3. তলৰ বিক্ৰিয়াবোৰৰ বাবে অৱস্থা চিহ্ন (State Symbols) সহ একোটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা।

 (i) বেৰিয়াম ক্ল'ৰাইড আৰু ছ'ডিয়াম ছালফেটৰ জলীয় দ্ৰৱৰ মাজত বিক্ৰিয়া ঘটি অদ্ৰাব্য বেৰিয়াম ছালফেট আৰু ছ'ডিয়াম ক্ল'ৰাইডৰ দ্ৰৱ প্ৰস্তুত হয়।

উত্তৰঃ BaCl2 + Na2SO4 →BaSO4 + 2NaCl

 (ii) ছ'ডিয়াম হাইড্ৰ'ক্সাইডৰ দ্ৰৱ (পানীত) হাইড্ৰ'ক্ল'ৰিক হাইড্ৰ'ক্লৰিক এছিডৰ দ্ৰৱ (পানীত) ৰে সৈতে বিক্ৰিয়া কৰি ছ'ডিয়াম ক্ল'ৰাইডৰ দ্ৰৱ আৰু পানী উৎপন্ন কৰে।

উত্তৰঃ NaOH + HCl → NaCl + H2O


অনুশীলনী

1. তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ?

2PbO (s) + C (s) → 2Pb (s) + CO2 (g)

(a) লেড বিজাৰিত হৈছে।

(b) কাৰ্বন ডাই অক্সাইড জাৰিত হৈছে।

(c) কাৰ্বন জাৰিত হৈছে।

(d) লেড অক্সাইড বিজাৰিত হৈছে।

      (i) (a) আৰু (b)

      (ii) (a) আৰু (c)

      (iii) (a), (b) আৰু (c)

     (iv) সকলো

Ans:- (i) (a) আৰু (b)


2. Fe2O3 + 2Al → Al2O3 + 2Fe

ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ

(a) এটা সংযোজন বিক্ৰিয়াৰ।

(b) এটা দ্বিঅপসাৰণ বিক্ৰিয়াৰ।

(c) এটা বিযোজন বিক্ৰিয়াৰ।

(d) এটা অপসৰণ বিক্ৰিয়াৰ।

Ans:- (d) এটা অপসৰণ বিক্ৰিয়াৰ।


3. কি ঘটে যেতিয়া লঘু হাইড্ৰ'ক্ল'ৰিক এছিড লোৰ গুড়িত যোগ কৰা হয়? শুদ্ধ উত্তৰটোত টিক্ চিন দিয়া।

 (a) হাইড্ৰ'জেন গেছ আৰু আইৰন ক্ল'ৰাইড উৎপন্ন হয়।

 (b) ক্ল'ৰিন গেছ আৰু আইৰণ হাইড্ৰ'ক্সাইড উৎপন্ন হয়।

 (c) বিক্ৰিয়া নঘটে।

 (d) আইৰণ লৱণ আৰু পানী উৎপন্ন হয়।

And:- (a) হাইড্ৰ'জেন গেছ আৰু আইৰন ক্ল'ৰাইড উৎপন্ন হয়।


4. সন্তুলিত ৰাসায়নিক সমীকৰণ কি? ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে?

Ans:- যিবোৰ ৰাসায়নিক সমীকৰণৰ বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ প্ৰতিটো মৌলৰ পৰমাণুৰ সংখ্যা একে, তেনে সমীকৰণকে সন্তুলিত ৰাসায়নিক সমীকৰণ বোলে।

         ভৰৰ নিত্যতা সূত্ৰ মতে ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে । অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া এটাত বিক্ৰিয়াজাত পদাৰ্থৰ মৌলবোৰৰ মুঠ ভৰ বিক্ৰিয়কৰ মৌলবোৰৰ মুঠ ভৰৰ সমান হ'ব লাগিব। সেয়ে ৰাসায়নিক বিক্ৰিয়াসমূহ সন্তুলিত কৰিব লাগে, যাতে বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ প্ৰতিটো মৌলৰ পৰমাণুৰ সংখ্যা একে হয়।








19. তেল আৰু চর্বি থকা খাদ্যবস্তু নাইট্র'জেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় কিয়?
Ans:- তেল আৰু চৰ্বি থকা খাদ্য বস্তুবোৰ বায়ুৰ সংস্পৰ্শত থাকিলে অক্সিজেনৰ লগত বিক্ৰিয়া কৰে, ফলত জাৰণ ঘটি দুৰ্গন্ধী হয়। জাৰণ নঘটিবৰ বাবে খাদ্যবস্তুত নাইট্ৰ'জেনৰ দৰে প্ৰতিজাৰক পদাৰ্থ যোগ কৰা হয়। সেয়েহে তেল আৰু চৰ্বি থকা খাদ্য বস্তুবোৰ নাইট্ৰ'জেনৰ উপস্থিতিত পেকেটত ভৰোৱা হয়। ফলত খাদ্যবস্তু বহু দিনলৈ ভালে থাকে।

20. এটা উদাহৰণৰে সৈতে তলৰ পদসমূহ ব্যাখ্যা কৰা।
(a) ক্ষয়ীভৱন।
Ans: ধাতু এটা তাৰ চৌপাশৰ বিভিন্ন পদাৰ্থ যেনে - জলীয় বাষ্প, এছিড আদিৰ দ্বাৰা আক্ৰান্ত হৈ ক্ষয় হোৱা প্ৰক্ৰিয়াটোকে ক্ষয়ীভৱন বোলে। যেনে - লোৰ ওপৰত মামৰে ধৰা (ৰঙচুৱা মূগা বৰণৰ চামনি পৰা), ছিলভাৰৰ ওপৰত ক’লা চামনি পৰা, ক'পাৰৰ ওপৰত সেউজীয়া চামনি পৰা আদি।  

(b) চৰ্বিৰ দুৰ্গন্ধিতা।
Ans: তেল আৰু চৰ্বি থকা খাদ্য বস্তুবোৰ বায়ুৰ সংস্পৰ্শত থাকিলে অক্সিজেনৰ লগত বিক্ৰিয়া কৰে, ফলত জাৰণ ঘটি দুৰ্গন্ধী হয়। ইয়াকে দুৰ্গন্ধিতা বা ৰেনচিডিটি বোলে। দুৰ্গন্ধিতাৰ পৰা বাচিবলৈ খাদ্যবস্তুবোৰ বায়ুৰুদ্ধ পাত্ৰত ৰখা হয়, ফলত জাৰণ মন্থৰ হয়। তেল আৰু চৰ্বি থকা খাদ্য বস্তুবোৰ (যেনে- চিপচ) নাইট্ৰ'জেন(প্ৰতিজাৰক পদাৰ্থ)ৰ উপস্থিতিত পেকেটত ভৰোৱা হয়, ফলত খাদ্যবস্তু বহু দিনলৈ ভালে থাকে।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.