মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন
প্ৰশ্নাৱলী -1 (Page No-)
1. নিউলেণ্ডছ অষ্টকৰ স্তম্ভবোৰত ড’বাৰেইনাৰৰ ট্ৰায়াড আছিলনে ? তুলনা কৰা আৰু বিচাৰি উলিওৱা।
উত্তৰঃ নিউলেণ্ডছৰ অষ্টকৰ স্তম্ভবোৰত ড’বাৰেইনাৰৰ এটা ট্ৰায়াড আছিল। লিথিয়াম (Li), ছডিয়াম(Na) আৰু পটাছিয়াম(K) ৰ দ্বাৰা গঠিত ট্ৰায়াডটো নিউলেণ্ডৰ অষ্টকৰ দ্বিতীয় স্তম্ভত স্থান দিয়া হৈছে।
2. ড’বাৰেইনাৰৰ শ্ৰেণীবিভাজনৰ সীমাবদ্ধতাবোৰ কি কি আছিল?
উত্তৰঃ- ড’বাৰেইনাৰৰ শ্ৰেণীবিভাজনৰ সীমাবদ্ধতাবোৰ হ'ল一
(i) ড’বাৰেইনাৰে মাত্ৰ তিনিটা ট্ৰায়াডহে চিনাক্ত কৰিব পাৰিছিল।
(ii) ড’বাৰেইনাৰে মৌলবোৰৰ পাৰমাণৱিক ভৰ আৰু সিহঁতৰ ৰাসায়নিক ধৰ্মৰ মাজত কোনো সম্পৰ্ক স্থাপন কৰিব পৰা নাছিল।
3. নিউলেণ্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবোৰ কি কি আছিল?
উত্তৰঃ- নিউলেণ্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবোৰ হ'ল 一
(i) অষ্টক সূত্ৰটো কেৱল কেলছিয়াম পৰ্যন্তহে প্ৰযোজ্য হোৱা পোৱা গৈছিল।
(ii) নিউলেণ্ডছে প্ৰকৃতিত কেৱল 56 টা মৌল থকা বুলিহে জানিছিল আৰু ভৱিষ্যতেও আৰু অধিক মৌল আৱিষ্কাৰ নহ’ব বুলিয়েই ধৰিছিল।
(iii) নিউলেণ্ডছে তেওঁৰ তালিকাখনত মৌলবোৰ সজাওঁতে কেৱল একেটা স্থানতে দুটাকৈ মৌলক স্থান দিয়াই নহয়। ধৰ্মৰ মিল নথকা কিছুমান মৌলকো একেটা স্তম্ভতে অন্তৰ্ভুক্তও কৰিছে।
(iv) নিউলেণ্ডছৰ অষ্টক সূত্ৰটোক কেৱল পাতল মৌলবোৰৰ ক্ষেত্ৰতহে ভালদৰে প্ৰযোজ্য যেন দেখা গৈছিল।
2. গেলিয়ামৰ উপৰিও আন কোনকেইটা মৌলৰ বাবে মৌলকেইটা আৱিষ্কৃত হোৱাৰ পূৰ্বেই মেণ্ডেলিভে তেওঁৰ তালিকাত ঠাই ৰাখি থৈ গৈছিল? (যিকোনো দুটা)
উত্তৰঃ- মেণ্ডেলিভে তেওঁৰ পৰ্যাবৃত্ত তালিকাত গেলিয়ামৰ উপৰিও খালী স্থান ৰখা মৌল দুটা হ’ল স্কেণ্ডিয়াম (Sc) আৰু জাৰ্মেনিয়াম (Ge)।
3. মেণ্ডেলিভে তেওঁৰ পৰ্য্যাবৃত্ত তালিকাখন যুগুতাওঁতে মানি চলা নীতিবোৰ কি কি?
উত্তৰঃ- মেণ্ডেলিভে তেওঁৰ পৰ্য্যাবৃত্ত তালিকাখন যুগুতাওঁতে মানি চলা নীতিবোৰ হ'ল一
(i) পৰমাণৱিক ভৰৰ বৃদ্ধি।
(ii) একে ৰাসায়নিক ধৰ্ম বিশিষ্ট মৌলবোৰক একেটা বৰ্গতে ৰখা।
4. সম্ভ্ৰান্ত গেছবোৰক এটা সুকীয়া বৰ্গত কিয় স্থান দিয়া হৈছে?
উত্তৰঃ- সম্ভ্ৰান্ত গেছবোৰৰ বাহিৰতম কক্ষটোত 8 টাকৈ ইলেকট্ৰ'ন থাকে। গতিকে ৰাসায়নিকভাৱে এইবোৰ প্ৰায় নিষ্ক্ৰিয়। গতিকে ইহঁতক একেটা বৰ্গতে ৰখা হৈছে।
প্ৰশ্নাৱলীঃ
1. আধুনিক পৰ্য্যাবৃত্ত তালিকাই মেণ্ডেলিভৰ পৰ্য্যাবৃত্ত তালিকাত থকা আঁসোৱাহবোৰ কি দৰে দূৰ কৰিছিল?
উত্তৰঃ- আধুনিক পৰ্যাবৃত্ত তালিকাৰ সূত্ৰটো – মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণুৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয়।
আধুনিক পৰ্য্য়াবৃত্ত তালিকাই মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত থকা আসোঁৱাহবোৰ দূৰ কৰাৰ প্ৰক্ৰিয়াবোৰ হ’লঃ
(i) আধুনিক পৰ্য্যাবৃত্ত তালিকাত সমস্থানিক (isotope) বোৰক একেটা স্থানতে ৰখা হ’ল। কাৰণ সমস্থানিকবোৰৰ ভৰ সংখ্যা বেলেগ যদিও পাৰমাণৱিক সংখ্যা একে।
(ii) আধুনিক পৰ্য্যাবৃত্ত তালিকাত একে সংখ্যাৰ যোজক ইলেকট্ৰ'ন থকা মৌলবোৰক একেটা বৰ্গতে ৰখা হয়।
(iii) ক’বাল্ট আৰু নিকেলৰ ভৰ সংখ্যাৰ ক্ষেত্ৰত থকা আসোৱাহ দূৰ হ’ল। ভৰ সংখ্যা মতে ক’বাল্টৰ পাৰমাণৱিক সংখ্যা 27 আৰু নিকেলৰ 28। কিন্তু পাৰমানৱিক ভৰৰ ক্ষেত্ৰত ক’বাল্টতকৈ নিকেলৰ কম। গতিকে নিকেলৰ স্থান ক’বাল্টতকৈ পিছত হয়।
2. মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্ৰিয়া দেখুৱাব বুলি ভবা দুটা মৌলৰ নাম লিখা। তোমাৰ এই বাচনিৰ ভিত্তি কি?
উত্তৰঃ- মৌল দুটা বেৰেলিয়াম (Be) আৰু কেলছিয়াম (Ca)।
কাৰণ Be আৰু Ca উভয়ে পৰ্য্যাবৃত্ত তালিকাৰ ২য় বৰ্গত আছে আৰু Mgৰ বৰ্গ ২য় হয়।
3. নাম লিখা।
(a) বহিৰতম কক্ষত এটাকৈ ইলেকট্ৰন থকা তিনিটা মৌলৰ।
উত্তৰঃ- লিথিয়াম (Li), পটাছিয়াম (K), ছ’ডিয়াম (Na)।
(b) বহিৰতম কক্ষত দুটাকৈ ইলেকট্ৰন থকা দুটা মৌল।
উত্তৰঃ- মেগনেছিয়াম (Mg), কেলছিয়াম (Ca)।
(c) পৰিপূৰ্ণ বহিৰতম কক্ষ থকা তিনিটা মৌল।
উত্তৰঃ- হিলিয়াম (He), নিয়ন (Ne), আৰ্গন (Ar)।
4. (a) লিথিয়াম, ছডিয়াম, পটেছিয়াম 一 এই আটাইকেইটা ধাতু। ইহঁতে পানীৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰ’জেন গেছ মুক্ত কৰে। এই মৌলকেইটাৰ পৰমাণুৰ কিবা সাদৃশ্য আছেনে?
উত্তৰঃ- হয় আছে।
প্ৰতিটো পৰমাণুৰে ইলেকট্ৰ'নীয় বিন্যাস একেধৰণৰ। যোজন ইলেকট্ৰ'নৰ সংখ্যা 1 তলত দেখুওৱা হ’লঃ
Li = 2.1
Na = 2.8.1
K = 2.8.8.1
(b) হিলিয়াম এটা নিষ্ক্ৰিয় গেছ আৰু নিয়নো নিষ্ক্ৰিয় গেছ। ইহঁতৰ পৰমাণুবোৰৰ মাজত কি মিল থকা দেখা যায়?
উত্তৰঃ- He আৰু Ne উভয়ৰে বহিৰতম কক্ষ ইলেকট্ৰ'নেৰে সম্পূৰ্ণ। He ৰ বহিৰতম কক্ষত 2 টা আৰু নিয়নৰ 8 টা ইলেকট্ৰন আছে। দুয়োটা সম্পূৰ্ণ কক্ষ। গতিকে ইহঁতৰ পৰমাণুবোৰৰ মাজত মিল দেখা যায়।
5. আধুনিক পৰ্য্যাবৃত্ত তালিকাত থকা প্ৰথম দহোটা মৌলৰ ভিতৰত কোনকেইটা ধাতু?
উত্তৰঃ- প্ৰথম দহোটা মৌলৰ ভিতৰত Li আৰু Be দুটা ধাতু।
6. পৰ্য্যাবৃত্ত তালিকাত স্থান বিবেচনা কৰি তলৰ মৌলকেইটাৰ কোনটো আটাইতকৈ বেছি ধাতৱধৰ্মী হ’ব বুলি অনুমান কৰিবা?
Ga, Ge, As, Se, Be
উত্তৰঃ- Be আটাইতকৈ বেছি ধাতৱধৰ্মী। কিয়নো ই পৰ্যাবৃত্ত তালিকাৰ একেবাৰে বাওঁফালে থকা মৌল।