-:আদিম যুগৰ পৰা বৰ্তমানলৈ:-
(প্ৰবন্ধ)
সৌ আদিম যুগৰ পৰা আজিলৈকে চাবলৈ গলে অলেখ পৰিবৰ্তনৰ সন্মুখীন হম। আদিম অৱস্থাত মানুহৰ কোনো নিৰ্দিষ্ট খাদ্য, বস্ত্ৰ, বাসস্থান নাছিল। তেওঁলোকে খাদ্য হিচাপে গছৰ ফল-মূল আদি কেঁচাই কেঁচাই খাইছিল। বস্ত্ৰ বুলিবলৈ একোৱেই নাছিল, তেনেদৰে বাসস্থানো নাছিল। সময় পৰিবৰ্তনৰ লগে লগে জুইৰ আবিষ্কাৰ হ'ল, খাদ্যবোৰ সিজাই খাবলৈ শিকিলে। বাসস্থানৰ বাবে গুহা বনাই থাকিবলৈ ললে। বস্ত্ৰৰ প্ৰয়োজনবোধ কৰিলে, গছৰ ছাল, জীৱ-জন্তুৰ ছাল ইত্যাদি বস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ ললে।
সময় পৰিবৰ্তনৰ লগে লগে মানুহে গণনা কৰিবলৈ গুহাৰ বেৰ, গছৰ গা ইত্যাদিত কিছুমান আক-বাক কৰিবলৈ ধৰিলে। এয়াই চাগে গণিতৰ আৰম্ভণি। এটা সময়ত মানুহে লিখিবলৈ পঢ়িবলৈ শিকিলে। লিখা-মেলা কৰিবলৈ গছৰ পাত আদি ব্যৱহাৰ কৰিছিল। লাহে লাহে আধুনিকতাই গা কৰি উঠিল। কাগজৰ আবিষ্কাৰ হল, লিখা-পঢ়া কৰিবলৈ সহজসাধ্য কৰি তোলিলে। বিজ্ঞানীসকলৰ অশেষ প্ৰচেষ্টাৰ ফলত কম্পিউটাৰ, যন্ত্ৰ-পাতি, যান-বাহনৰ আবিষ্কাৰ হল। মানুহে খোজ কঢ়া বাদ দি লাহেকৈ চাইকেল, মটৰচাইকেল, গাড়ী ব্যৱহাৰ কৰিবলৈ ধৰিছে। বহু ডাঙৰ ডাঙৰ কাম কম্পিউটাৰৰ সহায়ত অতি সহজতে আৰু কম সময়ৰ ভিতৰতে কৰিব পৰা হল। এনেবোৰ পৰিৱৰ্তনৰ পাছত আমি আজি বৰ্তমানৰ পৰিস্থিতি পালোহি। ইমান দীঘলীয়া পৰিবৰ্তনৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰি যদিও আপোনালোকলৈ এটি সংক্ষিপ্ত বিৱৰণ দাঙি ধৰাৰ চেষ্টা কৰিলো।
✍দীপজ্যোতি বৰবৰুৱা
০৭/০১/২০২০