1. তলৰ কোনটো ধাতুৱে কপাৰ ছালফেটৰ দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰিব পাৰে? [HSLC 2015]
(a) ছিলভাৰ
(b) গ'ল্ড
(c) জিংক
(d) মাৰকিউৰি
২. তলত দিয়া বিক্ৰিয়াটো কোন শ্ৰেণীৰ বিক্ৰিয়াৰ অন্তৰ্গত? [HSLC ’16, ’18]
Fe₂O₃ + 2Al → Al₂O₃ + 2Fe
(a) সংযোজন বিক্ৰিয়া
(b) বিযোজন বিক্ৰিয়া
(c) অপসাৰণ বিক্ৰিয়া
(d) দ্বিঅপসাৰণ বিক্ৰিয়া
৩. লঘু হাইড্ৰ'ক্ল'ৰিক এছিড লোৰ গুড়িত যোগ কৰিলে কি ঘটে? [HSLC ’17]
(a) হাইড্ৰ'জেন গেছ আৰু আইৰন ক্ল'ৰাইড উৎপন্ন হয়।
(b) ক্ল'ৰিন গেছ আৰু আইৰন হাইড্ৰ'ক্সাইড উৎপন্ন হয়।
(c) কোনো বিক্ৰিয়া নঘটে।
(d) আইৰন লৱণ আৰু পানী উৎপন্ন হয়।
৪. NaOH দ্ৰৱৰ 10 mL-এ HCl দ্ৰৱৰ 8 mL সম্পূৰ্ণৰূপে প্ৰশমিত কৰে। একেটা NaOH দ্ৰৱৰ 20 mL সম্পূৰ্ণৰূপে প্ৰশমিত কৰিবলৈ একেটা HCl দ্ৰৱৰ কিমান পৰিমাণৰ প্ৰয়োজন হ'ব? [HSLC ’20]
(i) 4 mL
(ii) 8 mL
(iii) 16 mL
(iv) 12 mL
৫. বনস্পতিজাত দ্ৰব্যৰ পচন ঘটি সাৰলৈ পৰিৱৰ্তিত হোৱাটো তলৰ কোন শ্ৰেণীৰ বিক্ৰিয়াৰ উদাহৰণ? [HSLC ’23]
(a) তাপগ্ৰাহী বিক্ৰিয়া
(b) তাপবৰ্জী বিক্ৰিয়া
(c) দুয়োটাই
(d) ওপৰৰ এটাও নহয়
৬. বেৰিয়াম ক্ল'ৰাইডৰ জলীয় দ্ৰৱ আৰু ছডিয়াম ছালফেটৰ জলীয় দ্ৰৱ মিহলাই দিলে অদ্ৰাৱ্য বেৰিয়াম ছালফেট আৰু ছডিয়াম ক্ল'ৰাইডৰ দ্ৰৱ উৎপন্ন হয়। তলৰ কোনটো অৱস্থা-চিহ্নসহ সমীকৰণটো শুদ্ধ? [HSLC ’24]
(a) BaCl₂(aq) + Na₂SO₄(aq) → BaSO₄(s)↓ + 2NaCl(aq)
(b) BaCl₂(s) + Na₂SO₄(s) → BaSO₄(aq) + 2NaCl(s)
(c) BaCl₂(aq) + Na₂SO₄(aq) → BaSO₄(aq) + NaCl(s)
(d) BaCl₂(s) + Na₂SO₄(aq) → BaSO₄(s) + NaCl(aq)
A. বহুবিকল্পী তথা অতি চমু প্ৰশ্নাৱলী
মূল্যাংক : ১
৬. বেৰিয়াম ক্ল'ৰাইডৰ জলীয় দ্ৰৱ আৰু ছডিয়াম ছালফেটৰ জলীয় দ্ৰৱ মিহলাই দিলে অদ্ৰাৱ্য বেৰিয়াম ছালফেট আৰু ছডিয়াম ক্ল'ৰাইডৰ দ্ৰৱ উৎপন্ন হয়। তলৰ কোনটো অৱস্থা-চিহ্নসহ সমীকৰণটো শুদ্ধ? [HSLC ’24]
(a) BaCl₂(aq) + Na₂SO₄(aq) → BaSO₄(s)↓ + NaCl(aq)
(b) BaCl₂(s) + Na₂SO₄(s) → BaSO₄(s) + NaCl(s)
(c) BaCl₂(aq) + Na₂SO₄(s) → BaSO₄(aq) + 2NaCl(aq)
(d) BaCl₂(aq) + Na₂SO₄(aq) → BaSO₄(s)↓ + 2NaCl(aq)
৭. তলৰ কোনটো প্ৰক্ৰিয়াত ৰাসায়নিক বিক্ৰিয়া সংঘটিত নহয়? [HSLC ’24]
(a) খাদ্য হজম হোৱা
(b) শ্বসন
(c) মমবাতি জ্বলা
(d) মমবাতি গলা
৮. এটা সন্তুলিত ৰাসায়নিক বিক্ৰিয়াই তলৰ কোনটো সূত্ৰ মানি চলে? [HSLC ’24]
(a) ভৰবেগৰ ৰক্ষণশীলতা
(b) ভৰৰ ৰক্ষণশীলতা
(c) শক্তিৰ ৰক্ষণশীলতা
(d) ঘনত্বৰ ৰক্ষণশীলতা
৯. জাৰক পদাৰ্থৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি সত্য? [HSLC ’24]
(a) ই হাইড্ৰ'জেন দিয়ে।
(b) ই অক্সিজেন দিয়ে।
(c) ই অক্সিজেন গ্ৰহণ কৰে।
(d) ওপৰৰ এটাও নহয়।
১০. মাৰকিউৰিক অক্সাইড (HgO) উত্তপ্ত কৰিলে কি ঘটে? সংঘটিত বিক্ৰিয়াটোৰ ৰাসায়নিক সমীকৰণ লিখা। [HSLC ’17]
১১. তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰূপত লিখি সন্তুলন কৰা। [HSLC ’18]
(a) হাইড্ৰ'জেন গেছ নাইট্ৰ'জেনৰ সৈতে বিক্ৰিয়া কৰি এম'নিয়া প্ৰস্তুত কৰে।
(b) হাইড্ৰ'জেন ছালফাইডে বায়ুত দাহিত হৈ পানী আৰু ছালফাৰ ডাইঅক্সাইড উৎপন্ন কৰে।
১২. লোৰ বস্তুত ৰঙৰ প্ৰলেপ কিয় দিয়া হয়? [HSLC ’18]
১৩. তেল আৰু চৰ্বি থকা খাদ্যবস্তু নাইট্ৰ'জেনৰ পৰিৱেশত পেকেটত ভৰাই ৰখা হয় কিয়? [HSLC ’18]
১৪. এটা দ্বি-অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ দিয়া। [HSLC ’19]
১৫. কেলছিয়াম অক্সাইডে পানীৰ সৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰি শিথিলিত চূণ (Slaked lime), অৰ্থাৎ কেলছিয়াম হাইড্ৰ'ক্সাইড উৎপন্ন কৰে।
এই বিক্ৰিয়াটোৰ—
(i) ৰাসায়নিক সমীকৰণ লিখা।
(ii) বিক্ৰিয়াটোৰ প্ৰকাৰ উল্লেখ কৰা। [HSLC ’20]
১৬. তলৰ বিক্ৰিয়াটোত জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থসমূহ চিনাক্ত কৰা। [HSLC ’20]
CuO(s) + H₂(g) → Cu(s) + H₂O(l)
