Class 10 Science
Lesson-10
❑ পোহৰ প্ৰতিফলনৰ সূত্ৰঃ
(i) আপতন কোণ প্ৰতিফলন কোণৰ সমান,
আৰু (ii) আপতিত ৰশ্মি, দাপোণৰ আপতন বিন্দুত টনা লম্ব আৰু প্ৰতিফলিত ৰশ্মি একেখন সমতলত থাকে।
❑ গোলাকাৰ দাপোণঃ যিবোৰ দাপোণৰ প্ৰতিফলন পৃষ্ঠখন গোলাকাৰ, তেনে দাপোণকে গোলাকাৰ দাপোণ বোলে ।
❑ গোলাকাৰ দাপোণৰ প্ৰকাৰঃ (i) অৱতল দাপোণ
(ii) উত্তল দাপোণ।
❑ অৱতল দাপোণঃ যিবোৰ গোলাকাৰ দাপোণৰ প্ৰতিফলন পৃষ্ঠখন ভিতৰলৈ বক্ৰ অৰ্থাৎ গোলকটোৰ কেন্দ্ৰৰ দিশে মুখ কৰা, তেনে দাপোনক অৱতল দাপোণ বোলে।
❑ উত্তল দাপোণঃ যিবিলাক গোলাকাৰ দাপোণৰ প্ৰতিফলন পৃষ্ঠখন বাহিৰৰ দিশলৈ বক্ৰ তেনেবোৰ দাপোণক উত্তল দাপোণ বোলে।
❑ মেৰুঃ গোলাকাৰ দাপোণৰ প্ৰতিফলন পৃষ্ঠৰ কেন্দ্ৰবিন্দুক মেৰু বোলে। মেৰুক P আখৰেৰে সূচোৱা হয়।
❑ ভাঁজকেন্দ্ৰঃ গোলাকাৰ দাপোণৰ প্ৰতিফলন পৃষ্ঠখন যিটো গোলকৰ অংশ সেই গোলকৰ কেন্দ্ৰবিন্দুক ভাঁজকেন্দ্ৰ বোলে। ভাঁজকেন্দ্ৰক C আখৰেৰে সূচোৱা হয়।
❑ ভাঁজ ব্যাসাৰ্ধঃ গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠখন যিটো গোলকৰ অংশ সেই গোলকৰ ব্যাসাৰ্ধক ভাঁজব্যাসাৰ্ধ বোলে। ভাঁজব্যাসাৰ্ধক R আখৰেৰে সূচোৱা হয়।
❑ মুখ্য অক্ষঃ গোলাকাৰ দাপোনৰ মেৰু আৰু ভাঁজকেন্দ্ৰৰ মাজেৰে কল্পনা কৰা সৰলৰেখাডালক মুখ্য অক্ষ বোলে।
❑ গোলাকাৰ দাপোণৰ ফ'কাছঃ গোলাকাৰ দাপোণৰ মুখ্য অক্ষৰ সমান্তৰালকৈ আপতিত ৰশ্মিবোৰ প্ৰতিফলনৰ পিছত প্ৰতিফলিত ৰশ্মিবোৰ মুখ্য অক্ষৰ যি বিন্দুত লগ লাগে বা যি বিন্দুৰ পৰা ওলাই অহা যেন লাগে সেই বিন্দুটোক গোলাকাৰ দাপোনৰ ফ'কাছ বোলে। ফ'কাছক F আখৰেৰে সুচোৱা হয়।
❑ অৱতল দাপোণৰ ফ'কাছঃ অৱতল দাপোণৰ মুখ্য অক্ষৰ সমান্তৰালকৈ আপতিত ৰশ্মিবোৰ প্ৰতিফলনৰ পিছত প্ৰতিফলিত ৰশ্মিবোৰ মুখ্য অক্ষৰ যি বিন্দুত লগ লাগে সেই বিন্দুটোক অৱতল দাপোণৰ ফ'কাছ বোলে।
❑ উত্তল দাপোণৰ ফ'কাছঃ উত্তল দাপোণৰ মুখ্য অক্ষৰ সমান্তৰালকৈ আপতিত ৰশ্মিবোৰ প্ৰতিফলনৰ পিছত প্ৰতিফলিত ৰশ্মিবোৰ মুখ্য অক্ষৰ যি বিন্দুৰ পৰা ওলাই অহা যেন লাগে সেই বিন্দুটোক উত্তল দাপোণৰ ফ'কাছ বোলে।
❑ ফ'কাছ দৈৰ্ঘ্যঃ গোলাকাৰ দাপোণৰ মেৰু আৰু ফ'কাছৰ মাজৰ দূৰত্বক ফ'কাছ দৈৰ্ঘ্য বোলে। ফ'কাছ দৈৰ্ঘ্যক f আখৰেৰে সুচোৱা হয়।
❑ গবাক্ষঃ গোলাকাৰ দাপোণৰ প্ৰতিফলন পৃষ্ঠৰ ব্যাসক গবাক্ষ বা ছিদ্ৰ বোলে।
❑ গোলাকাৰ দাপোণৰ ভাঁজ ব্যাসাৰ্ধ দাপোণখনৰ ফ'কাছদৈৰ্ঘ্যৰ দুগুণ।
অৰ্থাৎ, R = 2f
❑ ৰশ্মিৰ সহায়ত গোলাকাৰ দাপোণে গঠন কৰা প্ৰতিবিম্বৰ উপস্থাপনঃ
গোলাকাৰ দাপোণে গঠন কৰা প্ৰতিবিম্বৰ উপস্থাপন কৰিবৰ বাবে দুডাল ৰশ্মি বিবেচনা কৰা হয়। ৰশ্মিকেইডালে প্ৰতিফলনৰ পিছত দিশ সলনি কৰা নিয়মসমূহ তলত উল্লেখ কৰা হ’ল-
- মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মি প্ৰতিফলনৰ পিছত অৱতল দাপোণৰ ক্ষেত্ৰত ফ'কাছৰ মাজেদি যায় আৰু উত্তল দাপোণৰ ক্ষেত্ৰত ফ'কাছৰ পৰা অপসাৰী হোৱা(ওলাই অহা) যেন লাগে।
- অৱতল দাপোণৰ ক্ষেত্ৰত ফ'কাছৰ মাজেদি যোৱা ৰশ্মি আৰু উত্তল দাপোণৰ ক্ষেত্ৰত ফ'কাছৰ দিশে অগ্ৰসৰ হোৱা ৰশ্মি প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ সমান্তৰালকৈ ঘূৰি আহে।
- অৱতল দাপোণৰ ক্ষেত্ৰত ভাঁজকেন্দ্ৰৰ মাজেদি যোৱা ৰশ্মি আৰু উত্তল দাপোণৰ ক্ষেত্ৰত ভাঁজকেন্দ্ৰৰ দিশে অগ্ৰসৰ হোৱা ৰশ্মি প্ৰতিফলনৰ পিছত একে পথেৰে ঘূৰি আহে।
- গোলাকাৰ দাপোনৰ মুখ্য অক্ষৰ সাপেক্ষে হেলনীয়াকৈ মেৰুলৈ অহা ৰশ্মি হেলনীয়াকৈ প্ৰতিফলিত হয়।
❑ অৱতল দাপোণৰ দ্বাৰা প্ৰতিবিম্ব গঠনৰ ৰশ্মিচিত্ৰঃ
(i)অৱতল দাপোণৰ পৰা অসীম দূৰত্বত থকা লক্ষ্যবস্তুৰ প্ৰতিবিম্ব দাপোণৰ ফ'কাছত গঠন হয়। প্ৰতিবিম্ব অতি সংকুচিত বিন্দু আকাৰৰ , সৎ আৰু ওলোটা প্ৰকৃতিৰ।
(ii) অৱতল দাপোণৰ ভাজকেন্দ্ৰৰ বাহিৰত থকা লক্ষ্যবস্তুৰ প্ৰতিবিম্ব ভাঁজকেন্দ্ৰ আৰু ফ'কাছৰ মাজত গঠন হয়। প্ৰতিবিম্ব সংকুচিত, সৎ আৰু ওলোটা প্ৰকৃতিৰ।
(iii) অৱতল দাপোণৰ ভাঁজকেন্দ্ৰত থকা লক্ষ্যবস্তুৰ প্ৰতিবিম্ব ভাঁজকেন্দ্ৰতে গঠন হয়। প্ৰতিবিম্ব লক্ষ্যবস্তুৰ আকাৰৰ সৈতে সমান, সৎ আৰু ওলোটা প্ৰকৃতিৰ।
(iv) অৱতল দাপোণৰ ভাঁজকেন্দ্ৰ আৰু ফ'কাছৰ মাজত থকা লক্ষবস্তুৰ প্ৰতিবিম্ব ভাঁজকেন্দ্ৰৰ বাহিৰত গঠন হয়। প্ৰতিবিম্ব লক্ষবস্তুতকৈ বিবৰ্ধিত, সৎ আৰু ওলোটা প্ৰকৃতিৰ।
(v) অৱতল দাপোণৰ ফ'কাছত থকা লক্ষবস্তুৰ প্ৰতিবিম্ব অসীমত গঠন হয়। প্ৰতিবিম্ব লক্ষবস্তুতকৈ বিবৰ্ধিত, সৎ আৰু ওলোটা প্ৰকৃতিৰ।
(vi)অৱতল দাপোণৰ ফ'কাছ আৰু মেৰুৰ মাজত থকা লক্ষবস্তুৰ প্ৰতিবিম্ব দাপোণৰ পিছফালে গঠন হয়। প্ৰতিবিম্ব লক্ষবস্তুতকৈ বিবৰ্ধিত, অসৎ আৰু থিয় প্ৰকৃতিৰ।
❑ উত্তল দাপোণৰ দ্বাৰা প্ৰতিবিম্ব গঠনৰ ৰশ্মিচিত্ৰঃ
(i) উত্তল দাপোণৰ পৰা অসীম দূৰত্বত থকা লক্ষবস্তুৰ প্ৰতিবিম্ব ফ'কাছত(দাপোণৰ পিছফালে) গঠন হয়। প্ৰতিবিম্ব অতি সংকুচিত বিন্দু আকাৰৰ, অসৎ আৰু থিয়।
(ii)উত্তল দাপোণৰ পৰা অসীম দূৰত্ব আৰু মেৰুৰ মাজত থকা লক্ষবস্তুৰ প্ৰতিবিম্ব মেৰু আৰু ফ'কাছৰ মাজতত(দাপোণৰ পিছফালে) গঠন হয়। প্ৰতিবিম্ব সংকুচিত , অসৎ আৰু থিয়।
❑ দাপোণৰ সুত্ৰঃ
য'ত❑ দাপোণৰ বিবৰ্ধনঃ গোলাকাৰ দাপোণে উৎপন্ন কৰা প্ৰতিবিম্ব লক্ষবস্তুৰ আকাৰৰ সাপেক্ষে কিমান গুণে ডাঙৰ বা সৰু তাকে বিবৰ্ধন বোলে।
গাণিতিকভাৱে-
h = লক্ষবস্তুৰ উচ্চতা
h' =প্ৰতিবিম্বৰ উচ্চতা
u = লক্ষবস্তুৰ দূৰত্ব
v = প্ৰতিবিম্বৰ দূৰত্ব
বিৰবৰ্ধনৰ মান ধনাত্মক হ'লে প্ৰতিবিম্ব অসৎ আৰু ঋণাত্মক হ'লে সৎ।
❑ পোহৰৰ প্ৰতিসৰণঃএটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ পোহৰ বেঁকাকৈ গ'লে পোহৰৰ গতিৰ দিশ দ্বিতীয় মাধ্যমত সলনি হোৱা যেন লাগে, ইয়াকে পোহৰৰ প্ৰতিসৰণ বোলে।
❑ লেনছ
উত্তল লেনছৰ ফ'কাছঃ উত্তল ল
লেনছৰ ফ'কাছ দৈৰ্ঘ্যঃ লেনছৰ আলোক কেন্দ্ৰ আৰু মুখ্য ফ'কাছৰ মাজৰ দূৰত্বক লেনছৰ ফ'কাছ দৈৰ্ঘ্য বোলে।
লেনছৰ সূত্ৰঃ
লেনছৰ বিবৰ্ধনঃ