Type Here to Get Search Results !

SEBA Class 10 Science Ch 4 কাৰ্বন আৰু তাৰ যৌগ

 কাৰ্বন আৰু তাৰ যৌগ




কাৰ্বন অধাতু। 

কাৰ্বনৰ পাৰমাণৱিক সংখ্যা 6

কাৰ্বনৰ ইলেকট্ৰনীয় বিন্যাস 2,4


#কাৰ্বনে কেনেকৈ সম্ভ্ৰান্ত গেছৰ যোজ্যতা লাভ কৰে?

উঃ কাৰ্বনৰ বহিৰতম কক্ষত 4টা ইলেকট্ৰন থাকে। কাৰ্বনে সম্ভ্ৰান্ত গেছৰ বিন্যাস লাভ কৰিবলৈ 4টা ইলেকট্ৰন গ্ৰহন কৰি C⁴‐ এনায়ন বা 4টা ইলেকট্ৰন ত্যাগ কৰি C⁴+ কেটায়ন গঠন কৰিব লাগিব। কিন্তু কাৰ্বনৰ বাবে ইয়াৰ এটাও সম্ভৱ নহয়। কাৰ্বনে যদি ইলেকট্ৰন গ্ৰহন কৰে , তেন্তে কাৰ্বনে অতিৰিক্ত 4টা ইলেকট্ৰন ধৰি ৰাখিব নোৱাৰে। ঠিক একেদৰে 4টা ইলেকট্ৰন ত্যাগ কৰিবলৈও কাৰ্বনক বহু পৰিমাণৰ শক্তিৰ প্ৰয়োজন হ'ব। 

       সেয়েহে কাৰ্বনে ভাগ বতৰাৰ দ্বাৰা এই সমস্যা দূৰ কৰে। কাৰ্বনৰ দৰে আন পৰিমাণু H, O ,N , Cl আদিয়েও ভাগ বতৰাৰ জৰিয়তে অণু গঠন কৰে। 


দুটা পৰমাণুৰ মাজত ইলেকট্ৰনৰ ভাগ বতৰা হৈ গঠন হোৱা বান্ধনিকে সহযোজী বান্ধনী বোলে। 

যিবোৰ যৌগ সহযোজী বান্ধনিৰ দ্বাৰা সৃষ্টি হয় তেনে যৌগক সহযোজী যৌগ বোলে। 

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.