Type Here to Get Search Results !

Class 10 Science Lesson 6 জীৱন প্ৰক্ৰিয়া




জীৱন প্ৰক্ৰিয়া
প্ৰশ্নাৱলী- 1 (Page-95)

1. মানুহকে ধৰি অন্যান্য বহুকোষীয় জীৱৰ বাবে লাগতিয়াল অক্সিজেন কেৱল ব্যাপন প্ৰক্ৰিয়াৰে আহৰণ কৰি লোৱাতো কিয় পর্যাপ্ত নহয়? 
উত্তৰঃ মানুহকে ধৰি অন্যান্য বহুকোষীয় জীৱৰ ক্ষেত্ৰত শৰীৰৰ সকলোবিলাক কোষে চৌপাশৰ পৰিৱেশ(বায়ু)ৰ লগত প্ৰত্যক্ষভাৱে সংস্পৰ্শত নাথাকে । সেয়ে, মানুহকে ধৰি অন্যান্য বহুকোষীয় জীৱৰ বাবে লাগতিয়াল অক্সিজেন কেৱল ব্যাপন প্ৰক্ৰিয়াৰে আহৰণ কৰি লোৱাতো পর্যাপ্ত নহয়।
2. আমি কিহৰ ওপৰত ভিত্তি কৰি কোনো এটা জীৱ জীৱিত নে মৃত তাক ঠাৱৰ কৰিম?
উত্তৰঃ কোনো এটা জীৱ জীৱিত নে মৃত তাক তলত দিয়া চৰ্তসমূহ ব্যৱহাৰ কৰি ঠাৱৰ কৰিম-
 (i) খাদ্যগ্ৰহণ
 (ii) বৃদ্ধি 
 (iii) শ্বসন
 (iv) চলালল
 (v) প্ৰজনন
 (vi) ৰেচন, আদি
এই কাৰ্যবোৰ যদি ঘটি আছে তেন্তে ই জীৱিত, অন্যথাই ই মৃত। 
3. জীৱৰ বাবে প্ৰয়োজনীয় কোনবিলাক কেঁচা সামগ্রী সিহঁতে বাহিৰৰ পৰিৱেশৰ পৰা আহৰণ কৰি লয়?
উত্তৰঃ জীৱৰ বাবে প্ৰয়োজনীয় খাদ্য, পানী আৰু অক্সিজেন কেঁচা সামগ্রী হিচাপে বাহিৰৰ পৰিৱেশৰ পৰা গ্ৰহণ কৰে। 
4. জীৱৰ জীৱন বৰ্তি থাকিবলৈ তুমি কোনবিলাক প্রক্রিয়াক অতি প্রয়োজনীয় বুলি গণ্য কৰিবা?
উত্তৰঃ জীৱৰ জীৱন বৰ্তি থাকিবলৈ অতি প্ৰয়োজনীয় জীৱন প্ৰক্ৰিয়াসমূহ হ’ল- 
(i) পৰিপুষ্টি
(ii) শ্বসন
(iii) পৰিবহন
 আৰু (iv) ৰেচন।
প্ৰশ্নাৱলী- 2 (Page-101)
1. স্বপোষিত পুষ্টি আৰু পৰপোষিত পুষ্টিৰ মাজৰ পাৰ্থক্য কি কি?
উত্তৰঃ 
2. সালােক সংশ্লেষণত প্রয়ােজনীয় প্রতিটো উপাদান উদ্ভিদে ক'ত ক'ত পায় ?
উত্তৰঃ উদ্ভিদে সালােক সংশ্লেষণৰ বাবে প্রয়ােজনীয় কার্বন-ডাই-অক্সাইড বায়ুমণ্ডলৰ পৰা আহৰণ কৰে আৰু শিপাই মাটিৰ পৰা পানী আৰু খনিজ লৱণ আহৰণ কৰে।
3. আমাৰ পাকস্থলীত এছিডৰ ভূমিকা কি?
উত্তৰঃ আমাৰ পাকস্থলীত নিঃসৰিত HClৰ ভূমিকা হ’ল—
(ক) ই পেপচিন নামৰ উৎসেচক সক্রিয় কৰি তােলে।
(খ) খাদ্যৰ সৈতে পাকস্থলীত প্ৰৱেশ কৰা হানিকাৰক বেক্টেৰিয়া ধ্বংস কৰে।
4. পাচক উৎসেচকৰ কার্য কি?
উত্তৰঃ পাচক উৎসেচকে জটিল শ্বেতসাৰক ভাঙি সৰল অনুলৈ পৰিৱৰ্তন কৰে যাতে দেহে সেইবােৰ দ্ৰৱণীয় অৱস্থাত পােষণ কৰিব পাৰে।
5. শােষণ হ’ব পৰালৈ ক্ষুদ্রান্তত খাদ্য কেনেকৈ পাচন হয়?
উত্তৰঃ আমি খােৱা খাদ্যবােৰ সম্পূর্ণ পাচন হয় ক্ষুদ্রান্তত। ক্ষুদ্রান্তৰ বেৰত আঙুলি সদৃশ কিছুমান প্রৱর্ধ থাকে। এইৰােৰক ভিলাই বোলে। ভিলাইবােৰক ৰক্তবাহী নলিকাৰ জালেৰে আৱৰি ৰাখে। এই জালিকাবােৰে পাচন হােৱা খাদ্য শােষণ কৰে আৰু দেহৰ বিভিন্ন অংশৰ কোষসমূহলৈ পঠিয়ায়।


5. শোষণ হ’ব পৰাকৈ ক্ষুদ্ৰান্তত খাদ্য কেনেকৈ পাচন হয়?
উত্তৰঃ- সম্পূৰ্ণ পাচিত হোৱা খাদ্য ক্ষুদ্ৰান্তৰ বেৰে শোষণ কৰি লয়। ক্ষুদ্ৰান্তৰ বেৰত কিছুমান আঙুলি সদৃশ প্ৰৱৰ্ধক থাকে। যাক ভিলাই বোলে। ভিলাইবোৰে ক্ষুদ্ৰান্তৰ অন্তঃআৱৰণীৰ পাচিত খাদ্য শোষণৰ বাবে বিস্তৃত হৈ থাকে। ভিলাই বেৰৰ ৰক্তবাহী জালিকাৰে আৱেষ্টিত থাকে। এই ৰক্তবাহী নলীকাবোৰে শোষিত আহাৰ দেহৰ সকলো কোষলৈ পৰিবহন কৰে।ইয়াৰ পৰা শক্তি আহৰণ কৰি কলা গঠন কৰে আৰু পুৰণা কলাবোৰে মেৰামতি কৰে।
প্ৰশ্নাৱলী- 3 (Page-105)
1. শ্বাস প্ৰশ্বাসত অক্সিজেন আহৰণ কৰিবৰ বাবে জলচৰ জীৱতকৈ স্থলচৰ জীৱসমূহৰ সুবিধা কি?
উত্তৰঃ- শ্বসনৰ বাবে অক্সিজেন আহৰণৰ ক্ষেত্ৰত স্থলচৰ জীৱ এটাৰ জলচৰ জীৱতকৈ সুবিধা এয়ে যে, বায়ুমণ্ডলত থকা অক্সিজেনৰ পৰিমাণ পানীত দ্ৰৱীভূত অৱস্থাত থকা অক্সিজেনতকৈ বহুত বেছি। স্থলচৰ প্ৰাণীয়ে শ্বসনত বায়ুমণ্ডলৰ পৰা পোনপটীয়াকৈ অক্সিজেন গ্ৰহণ কৰে। কিন্তু, জলচৰ প্ৰাণীয়ে পানীত দ্ৰৱীভূত অক্সিজেনহে শোষণ কৰে।সেয়ে জলচৰ প্ৰাণীয়ে স্থলচৰ প্ৰাণীতকৈ খৰকৈ উশাহ লয়।
2. কি কি প্ৰথাৰে বিভিন্ন জীৱদেহত গ্লুক’জ জাৰিত হৈ শক্তি উৎপন্ন হয়?
উত্তৰঃ- কিছুমান অনুজীৱই গ্লুক'জৰ সম্পূৰ্ণ জাৰণ ঘটাই কার্বন-ডাই-অক্সাইড আৰু পানী উৎপন্ন কৰিবলৈ অক্সিজেন ব্যৱহাৰ কৰে। আকৌ কিছুমানে অক্সিজেন ব্যৱহাৰ নকৰে বা একেবাৰে কম পৰিমানে ব্যৱহাৰ কৰে। তলত বিভিন্ন জীৱৰ গ্লুক'জ অণুৰ জাৰণ প্রক্রিয়া উল্লেখ কৰা হ'ল一
3. 
4. 
প্ৰশ্নাৱলী- 4 (Page-110)
1. 

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.