Class-9
Sub- Science
Chapter 1
আমাৰ চাৰিওকাষৰ বস্তুবোৰ
Practice Paper 1B
Date: 08/05/2023
Marks: 15
1. ব্যাপন কাক বোলে? 1
2. গলনাংক কাক বোলে? 1
3. উতলাংক কাক বোলে? 1
4. উষ্ণতাৰ S.I. একক কি? 1
উত্তৰঃ উষ্ণতাৰ S.I. একক কেলভিন (K)।
5. বৰফৰ গলনাংক কিমান? 1
6. গৰম চাহ বা গাখীৰ কাপত লৈ খোৱাতকৈ প্লেটত লৈ খোৱা সহজ কিয়? 2
উত্তৰঃ পৃষ্ঠকালি বাঢ়িলে বাষ্পীভৱনৰ মাত্ৰা বাঢ়ে। কাপতকৈ প্লেটৰ পৃষ্ঠকালি বেছি বাবে প্লেটত গৰম চাহ ললে সোনকালে ঠাণ্ডা হয়। সেয়ে গৰম চাহ বা গাখীৰ কাপত লৈ খোৱাতকৈ প্লেটত লৈ খোৱা সহজ।
7. খোলা ঠাইত নেফথেলিন বল কেইদিনমান থৈ দিলে নাইকিয়া হয় কিয়? 3
উত্তৰঃ খোলা ঠাইত নেফথেলিন বল কেইদিনমান থৈ দিলে উৰ্দ্ধপাতনৰ বাবে কঠিনৰ পৰা পোনে পোনে গেছীয় অৱস্থাপ্ৰাপ্ত হয়। সেয়ে কেইদিনমানৰ পাছত নেফথেলিন বল নাইকিয়া হৈ যায়।
8. সাধাৰণ উষ্ণতাত পানী জুলীয়া কিয়? 3
9. তলৰ উষ্ণতাত পানীৰ ভৌতিক অৱস্থা কি? 2
(i) 30°C (ii) 115°C