Deepjyoti
September 15, 2024
0
জীৱন ধাৰণৰ প্ৰণালী
১। উত্তৰ লিখা—
(ক) গাঁৱৰ বাসিন্দাসকলৰ প্ৰধান জীবিকা কি? তেওঁলােকে কি কি খেতি কৰে?
উত্তৰঃ গাঁৱৰ বাসিন্দাসকলৰ প্ৰধান জীৱিকা কৃষি। তেওঁলোকে ধান, মৰাপাট, মাহ, সৰিয়হ, তিল, কুঁহিয়াৰ, আদি খেতি কৰে।
(খ) চৰ অঞ্চলত বাস কৰা লােকসকলে কি কি খেতি কৰে?
উত্তৰঃ চৰ অঞ্চলত বাস কৰা লোকসকলে সাধাৰণতে ৰবি শস্য কৰে। চৰ অঞ্চলৰ মাটি পলসযুক্ত বালিচঁহীয়া হোৱা বাবে তাত খৰালি কালত প্ৰচুৰ পৰিমাণে মাহ, সৰিয়হ, জলকীয়া, বেঙেনা, তৰমুজ আদিৰ খেতি কৰে।
(গ) জুম খেতি কাক বােলে ? এই কৃষি পদ্ধতিৰে কি কি খেতি কৰা হয় ?
উত্তৰঃ পাহাৰৰ এঢলীয়া ঠাইত কোৰেৰে মাটি খান্দি কৰা খেতিক জুম খেতি বোলে। এই কৃষি পদ্ধতিৰে আহুধান, মাকৈ, তিল, আদা, হালধি আদি খেতি কৰা হয়।
(ঘ) নৈ পাৰৰ লােকসকলে কিদৰে জীৱন নির্বাহ কৰে?
উত্তৰঃ নৈৰ পাৰত বসবাস কৰা কিছু লোকে কৃষিকাৰ্যৰ লগতে মৎস্যজীৱি হিচাপে জীৱিকা নিৰ্বাহ কৰে।
(ঙ) চাহ বাগিচাৰ শ্ৰমিকসকলে কি কি কামৰ লগত জড়িত ?
উত্তৰঃ চাহ বাগিচাৰ শ্ৰমিকসকলে বাগানৰ কুমলীয়া পাত চিঙা, উদ্যোগলৈ বস্তু অনা নিয়া কৰা, যন্ত্ৰ পাতি চলোৱা আদি বিভিন্ন কামৰ লগত জড়িত।