Deepjyoti
October 03, 2023
0
মানৰ অসম আক্ৰমণ
অনুশীলনী
অতি চমু উত্তৰৰ প্ৰশ্নঃ
১। ১৭৮৪ চনত মান ৰজা বদৌপায়াৰ আমোলত মান সকলে কোন খন দেশ জয় কৰিছিল?
উত্তৰঃ ১৭৮৪ চনত মান ৰজা বদৌপায়াৰ আমোলত মান সকলে আৰাকান দেশ জয় কৰিছিল।
২। মান আৰু ব্ৰিটিছৰ মাজত কেতিয়াৰ পৰা শত্ৰুতা সৃষ্টি হৈছিল?
উত্তৰঃ মান আৰু ব্ৰিটিছৰ মাজত ১৮২৪ খ্ৰীষ্টাব্দৰ ৫ মাৰ্চৰ পৰা শত্ৰুতা সৃষ্টি হৈছিল।
৩। মানৰ উপদ্ৰৱত থাকিব নোৱাৰি শ্ৰীহট্টলৈ পলাই যোৱা কাছাৰৰ ৰজাজনৰ নাম কি আছিল?
উত্তৰঃ মানৰ উপদ্ৰৱত থাকিব নোৱাৰি শ্ৰীহট্টলৈ পলাই যোৱা কাছাৰৰ ৰজাজনৰ নাম গোবিন্দ সিংহ আছিল।
৪। কোন যুদ্ধত আহোমৰ পৰাজয় ৰ বাতৰি পাই পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হৈছিল?
উত্তৰঃ ঘিলাধাৰীৰ যুদ্ধত আহোমৰ পৰাজয়ৰ বাতৰি পাই পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হৈছিল।
৫। বৈশালী হুকুং কি?
উত্তৰঃ বদনৰ লগত মান সৈন্যৰ সৈতে দুজন বিশেষ মান লিপিকাৰো আহিছিল। তেওঁলোক দুয়োজনে বদনৰ নেতৃত্বত অহা মানৰ সাময়িক অভিযানৰ বিষয়ে একোটাকৈ টোকা লিখি থৈ গৈছে। তাৰে ভিতৰত এটা টোকা হ'ল বৈশালী হুকুং।