Type Here to Get Search Results !

Class 9 Geography Lesson 1 প্ৰাকৃতিক ভূগোলঃ বতৰ আৰু জলবায়ু || নৱম শ্ৰেণীৰ ভূগোল

 ১) বতৰ আৰু জলবায়ু বুলিলে কি বুজা ? বতৰ আৰু জলবায়ুৰ পাথৰ্ক্য বুজাই লিখা ।

উত্তৰঃ বতৰঃ কোনো এখন ঠাইত কম সময়ৰ বাবে, যেনেঃ কেইঘণ্টামান বা দিনটো, অথবা কেইদিনমান বা কেইসপ্তাহমানৰ বাবে পৰিলক্ষিত হোৱা বায়ুমণ্ডলৰ অৱস্থাকে সেই ঠাইৰ বতৰ বোলে । বা কম সময়ৰ বাবে পৰিলক্ষিত হোৱা বায়ুমণ্ডলৰ অৱস্থাকে বতৰ বোলে ।

জলবায়ুঃ প্ৰতিদিন, প্ৰতি ঋতু, আৰু প্ৰতি বছৰৰ ভিত্তিত বতৰৰ উপাদানসমূহ নিৰীক্ষণ কৰি অতি কমেও ৩০ বছৰৰ বাবে নিৰ্ধাৰণ কৰা বায়ুমণ্ডলৰ গড় অৱস্থাকে জলবায়ু বোলে । 

বতৰ আৰু জলবায়ুৰ পাথৰ্ক্যঃ

বতৰ আৰু জলবায়ুৰ পাথৰ্ক্য বুজিবলৈ হ'ল আমি সময় আৰু স্থান ভিত্তিক ধাৰণাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব ।

ক) বতৰ বুলিলে সাধাৰণতে কোনো এখন ঠাইত কম সময়ৰ বাবে পৰিলক্ষিত হোৱা বায়ুমণ্ডলীয় অৱস্থাকে বুজাই ।

     আনহাতে, জলবায়ু বুলিলে কোনো এখন ঠাইত দীৰ্ঘ সময় ধৰি বিৰাজ কৰা বায়ুমণ্ডলৰ গড় অৱস্থাক বুজা যায় ।

খ) বতৰ বুলিলে কোনো এখন সৰু ঠাই বা কোনো সীমিত স্থানৰ বায়ুমণ্ডলৰ অৱস্থাক বুজা যায় ।

          আনহাতে, জলবায়ু বুলিলে অৰ্থ্যত জলবায়ুৰ ধাৰণাতো একোটা বৃহত অঞ্চলৰ ভিত্তিত ব্যৱহাৰ কৰা হয় ।

২) বতৰ আৰু জলবায়ু উপাদানবোৰ উল্লেখ কৰা ।

উত্তৰঃ বতৰ আৰু জলবায়ুৰ উপাদানবোৰ হ'লঃ উত্তাপ, চাপ, আৰ্দ্ৰতা, বতাহ আৰু অধঃক্ষেপ ।

৩) বতৰ আৰু জলবায়ুৰ উপাদানবোৰৰ বিষয়ে বহলাই লিখা ।

উত্তৰঃ বতৰ আৰু জলবায়ুৰ উপাদানবোৰ হ'লঃ উত্তাপ, চাপ, আৰ্দ্ৰতা, বতাহ, অধঃক্ষেপ ।

ক) উত্তাপঃ সূৰ্যৰ তাপত বায়ুমণ্ডল উত্তপ্ত হয় । বায়ুমণ্ডলৰ উত্তপ অনুভূমিক আৰু উলম্ব দিশত পৰিৱৰ্তন হোৱা দেখা য়ায ।

খ) বায়ু চাপঃ বায়ু এবিধ গেছীয় পদাৰ্থ । ইয়াৰ ভৰ আৰু চাপ দুয়োটাই আছে । বায়ুৰ সমষ্টিয়েই হৈছে বায়ুমণ্ডল । বায়ুমণ্ডলৰ চাপৰ তাৰতম্য দুটা কাৰণ সংঘটিত হয়, যেনেঃ ক) বায়ু উষ্ণতা, খ) পৃথিৱী পৃষ্ঠৰ উচ্চতা । 

গ) আৰ্দ্ৰতাঃ বায়ুৰ আৰ্দ্ৰতা বুলিলে বায়ুত মিহলি হৈ থকা জলীয়বাষ্পৰ পৰিমাণক বুজা যায় । বায়ুৰ আৰ্দ্ৰতা দুই প্ৰকাৰে প্ৰকাশ কৰা হয়, যেনেঃ চৰম আৰু আপেক্ষিক আৰ্দ্ৰতা ।

ঘ) বতাহঃ বায়ুয়ে উচ্চ চাপৰ অঞ্চলৰ পৰা নিম্ন চাপৰ অঞ্চললৈ গতি কৰে । বায়ুৰ এনে গতিক বতাহ বোলে । বায়ুমণ্ডলত উত্তাপৰ বিতৰণ সকলো ঠাইত সমান নহয় আৰু ফলস্বৰূপে বায়ুৰ চাপৰ তাৰতম্য ঘটে।

ঙ) অধঃক্ষেপঃ বায়ুত থকা জলীয় বাষ্প যেতিয়া ঘনীভৱন প্ৰক্ৰিয়াৰে ঘনীভূত হ'য় । ফলত জলকণাবিলাক বায়ুমণ্ডলৰৰ মাজেদি ভূ- পূষ্ঠালৈ নামি আছে তেতিয়া ইয়াক অধঃক্ষেপ বুলি কোৱা হ'য় ।

৪) উত্তাপ, চাপ আৰু আৰ্দ্ৰতাৰ মাজৰ সম্পৰ্ক বুজাই লিখা ।

উত্তৰঃ উত্তাপ, চাপ আৰু আৰ্দ্ৰতা হৈছে বতৰ আৰু জলবায়ুৰ উপাদান ।

এই উপাদানবোৰ পৰিৱৰ্তনশীল আৰু ইহঁত স্থান আৰু সময়ভেদে পৰিৱৰ্তন হৈ থাকে ।

              বায়ুমণ্ডলৰ উত্তাপ অনুভূমিক আৰু উলম্ব দিশত পৰিৰ্ৱতন হোৱা দেখা যায় । বায়ুৰ উত্তাপ এখন ঠাইতে সময়ে সময়ে ভিন ভিন হয় । সূৰ্যৰ ৰশ্মি দুপৰীয়া প্ৰায় কোনো এখন ঠাইত লম্বভাৱে পৰে ।

               বায়ুমণ্ডলৰ চাপ মানে হৈছে প্ৰতি একক ক্ষেএফলত বায়ুয়ে প্ৰয়োগ কৰা বল । বায়ুমণ্ডলৰ আন আন পৰিৱৰ্তনশীল চলক বিলাকৰ দৰেই ইযাৰ চাপো এটা পৰিৱৰ্তনশীল চলক । বায়ুমণ্ডলৰ চাপ স্থান আৰু সময়ভেদে পৰিৱৰ্তন হৈ থাকে । 

                বায়ুৰ আৰ্দ্ৰতা বুলিলে বায়ুত মিহলি হৈ থকা জলীয়বাষ্পৰ পৰিমাণক বুজায় । বায়ুৰ আৰ্দ্ৰতা দুই প্ৰকাৰে প্ৰকাশ কৰা হয়, যেনেঃ চৰম আৰ্দ্ৰতা আৰু আপেক্ষিক আৰ্দ্ৰতা ।

৫) বায়ুমণ্ডলৰ চাপৰ তাৰতম্য কেনেকৈ হয় বুজাই লিখা | 

উত্তৰঃ বায়ুমণ্ডলত উত্তাপৰ বিতৰণ সকলো ঠাইত সমান নহয় আৰু ফলস্বৰূপে বায়ুৰ চাপৰ তাৰতম্য ঘটে । এনে কাৰনত ভূ- পৃষ্ঠৰ কোনো ঠাইত বায়ুৰ নিম্নচাপ আৰু কোনো ঠাইৰ বায়ুৰ উচ্চ চাপৰ সৃষ্টি হয় । বায়ু এ উচ্চ চাপৰ অঞ্চলৰ পৰা নিম্নচাপৰ অঞ্চললৈ গতি কৰে । বিভিন্ন স্থানত বায়ুৰ চাপৰ তাৰতম্যৰ বাবেই বতাহ সৃষ্টি হয় ।

৬) বতাহ কিয় বলে ? 

উত্তৰঃ বিভিন্ন স্থানত বায়ুৰ চাপৰ তাৰতম্যৰ বাবেই বতাহ সৃষ্টি হয় । পানী যেনেকৈ ওখ ঠাইৰ পৰা দ ঠাইলৈ বৈ যায় ঠিক তেনেদৰে বায়ুৱেত্ত উচ্চ চাপৰ অঞ্চলৰ পৰা নিম্ন চাপৰ অঞ্চললৈ গতি কৰে। ফলত বতাহ বলে । পৃথিৱীৰ আহ্নিক গতিৰ বাবে বায়ুপ্ৰৱাহ ঘটে ।

৭)অধঃক্ষেপ বুলিলে কি বুজা ? বিভিন্ন প্ৰকাৰৰ অধঃক্ষেপৰ নাম লিখা  

উত্তৰঃ বায়ুত থকা জলীয় বাষ্প যেতিয়া ঘনীভৱন প্ৰক্ৰিয়াৰে ঘনীভূত হয়, তেতিয়া জলকণাবিলাকৰ আকাৰ বৃদ্ধি হয় । ফলত জলকণাবোৰ মধ্যাকৰ্ষণ বলৰ প্ৰভাৱত বায়ুমণ্ডলৰ বায়ুস্তৰৰ মাজেদি ভূ- পৃষ্ঠলৈ নামি আহে । তেতিয়া ইয়াকে অধঃক্ষেপ বুলি কোৱা হয় ।

      বিভিন্ন প্ৰকাৰৰ অধঃক্ষেপ হ'লঃ নিয়ৰ, হিম, ঘনকুঁৱলী, পাতল কুঁৱলী, তুষাৰ পাত, বৰষুণ, সমূদ্ৰৰ সানিধ্য, সমুদ্ৰ সোঁত, পৰ্বত- পাহাৰৰ অৱস্থান, বায়ুপ্ৰৱাহ , ভূমি প্ৰকৃতি ।

৮) বতৰ আৰু জলবায়ু নিৰ্ধাৰণ কৰা কাৰকসমূহ উল্লেখ কৰা ।

উত্তৰঃ ১) অক্ষাংশ ২) উচ্চতা ৩) সমুদ্ৰৰ সানিধ্য ৪) সমুদ্ৰ সোঁত ৫)পৰ্বত-পাহাৰৰ অৱস্থান ৬) বায়ুপ্ৰবাহ ৭) ভূমিৰ প্ৰকৃতি ৮) ভূমিৰ ঢাল আৰু উদ্ভিদ ।

৯) বতৰ আৰু জলবায়ুৰ কাৰকসমূহৰ বিষয়ে উদাহৰণসহ বহলাই লিখা । 

উত্তৰঃ বতৰ আৰু জলবায়ুৰ কাৰক সমূহ হলঃ অক্ষাংশ, উচ্চতা, সমুদ্ৰৰ সানিধ্য, সমুদ্ৰ সোঁত, পৰ্বত-পাহাৰৰ অৱস্থান, বায়ুপ্ৰৱাহ, ভূমিৰ প্ৰকৃতি, ভূমিৰ ঢাল আৰু পাহাৰৰ অৱস্থান, বায়ুপ্ৰৱাহ, ভূমিৰ প্ৰকৃতি, ভূমিৰ ঢাল আৰু উদ্ভিদ ।

অক্ষাংশঃ জলবায়ু নিৰ্ধাৰণৰ অন্যতম প্ৰধান কাৰক হৈছে অক্ষাংশ । ভিন ভিন অক্ষাংশত সূৰ্যৰ কিৰণ পোন বা হেলনীয়া হৈ পৰে আৰু ফলত দিন- ৰাতি হ্ৰাসবৃদ্ধি হয় । সূৰ্যৰ ৰশ্মি পোন বা লম্বভাৱে পৰিলে উত্তাপৰ তীব্ৰতা বাঢে় ।

উচ্চতাঃ ভূূ-পূষ্ঠৰ উচ্চতাৰ পাথৰ্ক্যৰ বাবে উত্তাপৰো পাথৰ্ক্য হয় । সাধাৰণতে গড় হিচাবে প্ৰতি এক কিলোমিটাৰ উচ্চতা বৃদ্ধিত প্ৰায় ৬.৫. চেন্টিগ্ৰেড উত্তাপ কমি যায় । 

সমূদ্ৰৰ সানিধ্যঃ গ্ৰীষ্মকালত স্থলভাগৰ উত্তাপ জলভাগৰ উত্তাপতকৈ বেছি থাকে আৰু শীতকালত স্থলভাগ যেতিয়া ঠাণ্ডা হ'য়, তেতিয়া জলভাগ আপেক্ষিকভাৱে গৰম হৈ থাকে ।

সমুদ্ৰ সোঁতঃ সমুদ্ৰৰ সোতঁৰ প্ৰভাৱৰ দ্বাৰা এখন ঠাইৰ জলবায়ু নিয়ন্ত্ৰিত হয় । কিছুমান সমুদ্ৰ সোতঁ গৰম আৰু কিছুমান চেচাঁ হয় । 

পৰ্বত- পাহাৰৰ অৱস্থানঃ পৰ্বত- পাহাৰৰ অৱস্থানেও কোনো ঠাইৰ জলবায়ুত প্ৰভাৱ বিস্তাৰ কৰে । পৰ্বত- পাহাৰৰ অৱস্থানৰ বাবে বায়ু চলা- চল বাধাগ্ৰস্ত হয় । জলীয়বাষ্প কঢ়িয়াই অনা কোনো বায়ুৰাশি যদি পৰ্বতৰ ঢালত ঠেকা খাই উৰ্ধগামী হয়, তেতিয়া পৰ্বতৰ প্ৰতিবাদ ঢালত প্ৰচুৰ বৰষুণ হয় ।

বায়ুপ্ৰবাহঃ বায়ুপ্ৰবাহ বা বতাহে এখন ঠাইৰ জলবায়ু নিৰ্ধাৰণৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰে । বৈশিষ্ট্যৰ ভিত্তিত বতাহ বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে, যেনে- শুকান বতাহ, গৰম বতাহ , শীতল বতাহ ইত্যাদি ।

ভূমিৰ প্ৰকৃতিঃ গঠন অনুসৰি ভূমিৰ প্ৰকৃতি বেলেগ বেলেগ হোৱা দেখা যায়, যেনেঃ- বালিময়, শিলাময়, পলসুৱা ইত্যাদি । শিলাময় আৰু বালিময় মাটি সূৰ্যৰ তাপত সোনকালে গৰম হয় আৰু পিছত তাপ বিকিৰণ কৰি সোনকালে চেচাওঁ হয় । 

ভূমিৰ চালঃ বতৰ আৰু জলবায়ুৰ কাৰক হিচাবে ভূমিৰ চালৰ গুৰুত্ব মন কৰিবলগীয়া কোনো ভূমিভাগ সূৰ্যৰ কিৰণৰ মূখে এঢ়লীয়া হ'লে তাত সূৰ্যৰ কিৰণ লম্বভাৱে পৰে আৰু ফলত উত্তাপ বেছি হয় । 

উদ্ভিদঃউদ্ভিদে জলবায়ুৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলায় । উদ্ভিদৰেপূৰ্ণ অৰণ্য অঞ্চলে বৃষ্টিপাত হোৱাত সহায় কৰে । অৰণ্য অঞ্চলৰ বায়ুৰাখি চেচাঁ হোৱাৰ বাবে ই ঘনীভৱন প্ৰক্ৰিয়াত সহায় কৰে আৰু ফলত এনে অঞ্চলত সমানে বৰষুণ হয় । ১০) জলবায়ু প্ৰকাৰবোৰ কি কি ? 

উত্তৰঃ- জলবায়ুৰ প্ৰকাৰবোৰ হ'লঃ

১) বিষুৱীয় জলবায়ু ।

২) মৌচুমী জলবায়ু ।

৩) ছাভানা জলবায়ু । 

৪) উষ্ণ মৰু জলবায়ু । 

৫) নাতিশীতোষ্ণ মৰু জলবায়ু । 

৬) ভূমধ্য- সাগৰীয় জলবায়ু । 

৭) নাতিশীতোষ্ণ আৰ্দ্ৰ জলবায়ু । 

৮) নাতিশীতোষ্ণ তৃণভূমি অঞ্চলৰ জলবায়ু । 

৯) নাতিশীতোষ্ণ সাগৰীয় জলবায়ু । 

১০) পূৰ্ব উপকূলীয় আৰ্দ্ৰ জলবায়ু । 

১১) উপ- মেৰুদেশীয় জলবায়ু । 

১২) তুন্দ্ৰা জলবায়ু । 

১২) চমুটোকা লিখাঃ

ক) আপেক্ষিক আৰ্দ্ৰতাঃবায়ুৰ আৰ্দ্ৰতা দুই প্ৰকাৰে প্ৰকাশ কৰা হয় । যেনে- চৰম আৰ্দ্ৰতা আৰু আপেক্ষিক আৰ্দ্ৰতা । আপেক্ষিক আৰ্দ্ৰতা হৈছে এক অনুপাত যাক শতকৰা হিচাপত প্ৰকাশ কৰা হয় । কোনো নিৰ্দিষ্ট উষ্ণতাত নিৰ্দিষ্ট আয়তনৰ বায়ুত থকা জলীয়বাষ্পৰ ভৰৰ যি অনুপাত তাকে আপেক্ষিক আৰ্দ্ৰতা বোলে ।

খ) বায়ুমণ্ডলীয় চাপঃ বায়ুমণ্ডলৰ চাপ মানে হৈছে প্ৰতিএকক ক্ষেত্ৰফলত বায়ুৱে প্ৰয়োগ কৰা বল । সাগৰপৃষ্ঠত বায়ুমণ্ডলৰ চাপ হৈছে গড় হিচাপে প্ৰতি বৰ্গ ইঞ্চিত ১৪.৭ পাউণ্ড । বেৰিমিটাৰ পাৰাস্ত্তম্ভৰ উচ্চতাৰ দ্বাৰা বায়ুমণ্ডলৰ চাপ জোখা হয় । বায়ুমণ্ডলৰ চাপ স্থান আৰু সময়ভেদে সলনি হৈ থাকে । বায়ুমণ্ডলৰ চাপৰ তাৰতম্য প্ৰধানকৈ দুটা কাৰণত সংঘটিত হয়, যেনেঃ- 1) বায়ুৰ উষ্ণতা 2) পৃথিৱী পৃষ্ঠৰ উচ্চতা । 

গ) চাপ- বলয়ঃ পৃথিৱীৰ উপৰিভাগত বায়ুৰ চাপৰ তাৰতম্যৰ ভত্তিত উত্তৰ আৰু দক্ষিণ গোলাৰ্ধত কেইটামান বায়ুৰ চাপ- বলয় চিনাক্ত কৰা হৈছে , যেনেঃ ক) নিৰক্ষীয় নিম্ন চাপ বলয় খ) উপ- ক্ৰান্তীয় উচ্চ চাপ বলয় গ) উপমেৰু দেশীয় নিম্ন চাপ বলয় ঘ) মেৰুদেশীয় উচ্চ চাপ বলয় । 

ঘ) ভিন্ন প্ৰকাৰৰ বৃষ্টিপাতঃ বৃষ্টিপাত ভিন্ন প্ৰকাৰৰ হয় । যেনেঃ পৰিচলনা বৃষ্টি, শৈলোতক্ষেপ বৃষ্টি, ঘূৰ্ণী বৃষ্টি, অক্ষীয় বৃষ্টি, অৰণ্য বৃষ্টি ।

ঙ) জলবায়ুৰ ওপৰত অক্ষাংশৰ প্ৰভাৱঃ জলবায়ু নিৰ্ধাৰণৰ অন্যতম প্ৰধান কাৰক হৈছে অক্ষাংশ । ভিন ভিন অক্ষাংশত সূৰ্যৰ কিৰন পোন বা হৈলনীয়া হৈ পৰে আৰু ফলত দিন-ৰাতি হ্ৰাস- বৃদ্ধি হয় । সূৰ্যৰ ৰশ্মি পোন অথবা লম্বভাৱে পৰিলে উত্তাপৰ তীব্ৰতা বাঢ়ে । ইয়াৰ বিপৰিতে বেকাঁ বা হেলনীয়াকৈ পৰা সূৰ্যৰ ৰশ্মিৰ তীব্ৰতা কম হয় অৰ্থাত উত্তাপ কমে । 

চ) জলবায়ুৰ ওপৰত উদ্ভিদৰ প্ৰভাৱঃ উদ্ভিদে জলবায়ুৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলায় । উদ্ভিদৰেপূৰ্ণ অৰণ্য অঞ্চলে বৃষ্টিপাত হোৱাত সহায় কৰে । অৰণ্য অঞ্চলৰ বায়ুৰাশি চেচাঁ হোৱাৰ বাবে ই ঘনীভৱন প্ৰক্ৰিয়াত সহায় কৰে আৰু এনে অঞ্চলত সঘনে বৰষুণ হ'য় । কিন্ত উদ্ভিদ নথকা অঞ্চলত বৃষ্টিপাত পৰিমান কম হ'য় ।

ছ) মৌচুমী জলবায়ুঃ মৌচুমী জলবায়ু ১০ ডিগ্ৰী উঃ আৰু ৪০ ডিগ্ৰী উঃ অক্ষাংশৰ মাজত অৱস্থিত দেশবোৰৰ প্ৰধানকৈ পূব অংশত আৰু দক্ষিণ গোলাৰ্ধৰ অঞ্চলত বিৰাজ কৰে । এই জলবায়ু বিৰাজ কৰা যিবোৰ অঞ্চলত বছৰি গড়ে ২০০ ছেঃমিঃ ৰ অধিক বৰষুণ হ'য় , সেইবিলাক অঞ্চলত চিৰসেউজীয়া উদ্ভিদ গজে আৰু যিবোৰ ঠাইত ১০০ ৰ পৰা ২০০ ছেঃমিঃ বৰষুণ হয় সেইবোৰ ঠাইত পৰ্ণপাতী উদ্ভিদ পোৱা যায় । 

জ) টাইগা জলবায়ুঃ পৃথিৱীৰ ৫০ ডিগ্ৰী আৰু ৬৫ ডিগ্ৰী অক্ষাংশৰ মাজৰ উপমেৰু অঞ্চলবোৰত টাইগা জলবায়ু বিৰাজ কৰে । পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা ঠাই ' ভাৰখমনক্স' এই জলবায়ুৰ অন্তগৰ্ত । এই জলবায়ুত সৰলবৰ্গীয়া উদ্ভিদ বিস্ত্তৃতভাৱে গজে । এই সৰলবৰ্গীয় উদ্ভিদক চাইবেৰিয়াত ' টাইগা ' বুলি জনা যায় ।

ঝ) ভূমধ্যসাগৰীয় জলবায়ুঃ ভূমধ্যসগেৰীয় জলবায়ু বিষুৱৰ উত্তৰ আৰু দক্ষিণৰ ৩০ ডিগ্ৰী ৰ পৰা ৪৫ ডিগ্ৰী অক্ষাংশৰ মাজত অৱস্থিত মহাদেশসমূহৰ পশ্চিম উপকূল অঞ্চলসমূহত দেখা যায় , এই জলবায়ুৰ অন্তগৰ্ত অঞ্চলবোৰত চিৰসেউজীয়া আৰু পৰ্ণপাতী উদ্ভিদ দেখা যায় । আনহাতে ফল- মূলৰ খেতিৰ বাবে এই জলবায়ু উপযোগী আৰু সেয়েহে ভূমধ্যসাগৰীয় জলবায়ু অঞ্চলবোৰত যথেষ্ট পৰিমাণে ফল- মূলৰ উতপাদান হয় । 

ঞ) ছাভানা জলবায়ুঃ ছাভানা জলবায়ুক ছুডান জলবায়ু বুলিত কোৱা হয় । এই জলবায়ু প্ৰধানকৈ ছুডান , মধ্যভাৰত, আফ্ৰিকাৰ উত্তৰ আৰু মধ্যভাগ, ব্ৰাজিলৰ দক্ষিণাংক্ষ কিছুমান অঞ্চলত পোৱা যায় । ছাভানা জলবায়ু বিৰাজ কৰা অঞ্চলবোৰত গ্ৰীষ্মকালৰ গড় উত্তাপ হৈছেঃ ২৭ ডিগ্ৰী- ২৮ ডিগ্ৰী চেন্টিগ্ৰেড আৰু শীতকালৰ উত্তাপ হৈছে ১০ ডিগ্ৰী ৰ পৰা ১৫ ডিগ্ৰী চেন্টিগ্ৰেড । 

ট) তুন্দ্ৰা জলবায়ুঃ সুমেৰু আৰু কুমেৰু বৃত্তৰ অন্তৰ্গত অঞ্চলবোৰত তুন্দ্ৰা জলবায়ু বিৰাজ কৰে । এই জলবায়ু কানাডা, এছিয়া আৰু এন্টাৰ্কটিকাত পোৱা যায় , ইয়াত ছমাহ অতি ক্ষীণ সূৰ্যৰ পোহৰ পৰে আৰু বাকী ছমাহ ৰাতি হয় । ইয়াৰ জনবসতি অতিকৈ সেৰেঙা হোৱা দেখা যায় । 

১৩) চমুকৈ উত্তৰ দিয়াঃ- 

ক) বায়ুমণ্ডল ভূ- পৃষ্ঠৰ কিমান উচ্চতালৈ প্ৰসাৰিত হৈ আছে ? 

উত্তৰঃ ১০,০০০ কি.মি. ।

খ) ক্ৰটি- হাৰ কি ?  

উত্তৰঃ বায়ুমণ্ডলৰ মাজেৰে উচ্চতা অনুসৰি বায়ুৰ উত্তাপ হ্ৰাস হয় এই হাৰক ক্ৰটি- হাৰ বোলে ।

গ) সাগৰপৃষ্ঠত বায়ুমণ্ডলৰ চাপ গড় হিচাপে কিমান ? 

উত্তৰঃ প্ৰতি বৰ্গ ইঞ্চিত ১৪.৭ পাউণ্ড ।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.